ETV Bharat / state

নিৰ্বাচনী অধিসূচনা : বৰপেটা প্ৰশাসনে আঁতৰালে চৰকাৰী বেনাৰ পোষ্টাৰ

author img

By

Published : Feb 27, 2021, 4:07 PM IST

বৰপেটাত তৎপৰ জিলা প্ৰশাসন । নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ লগে লগে ৰাজনৈতিক বেনাৰ পোষ্টাৰ, হ'ৰ্ডিংসমূহ আঁতৰাই পেলাইছে । বিধানসভা নিৰ্বাচনৰ ঘোষণা দিন কৰাৰ লগে লগে আৰম্ভ হৈছে 'নিৰ্বাচনী আচৰণ বিধি' ।

বৰপেটা প্ৰশাসনে এফালৰ পৰা আঁতৰালে বেনাৰ পোষ্টাৰসমূহ
বৰপেটা প্ৰশাসনে এফালৰ পৰা আঁতৰালে বেনাৰ পোষ্টাৰসমূহ

বৰপেটা, ২৭ ফেব্ৰুৱাৰী: ৰাজ্যত নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰশাসন তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৰপেটাতো জিলা প্ৰশাসনে তৎপৰতাৰে দায়িত্ব পালন কৰা দেখা গ'ল ৷ বৰপেটা প্ৰশাসনে ৰাজনৈতিক বেনাৰ পোষ্টাৰ, হ'ৰ্ডিংসমূহ আঁতৰাই পেলাইছে ।

বৰপেটা প্ৰশাসনে এফালৰ পৰা আঁতৰালে বেনাৰ পোষ্টাৰসমূহ
বৰপেটা প্ৰশাসনে এফালৰ পৰা আঁতৰালে বেনাৰ পোষ্টাৰসমূহ

'নিৰ্বাচনী আচৰণ বিধি' অনুসৰি শুকুৰবাৰৰ বিয়লিৰ পৰাই বৰপেটা জিলা প্ৰশাসনে জিলাখনৰ ৰাজহুৱা আৰু চৰকাৰী স্থানসমূহৰ পৰা ৰাজনৈতিক দলৰ বেনাৰ, পোষ্টাৰ, হ'ৰ্ডিঙৰ লগতে চৰকাৰী বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ থকা পোষ্টাৰ আদি আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে ৷

একেদৰে ৰাজহুৱা স্থান আৰু চৰকাৰী স্থানৰ বিভিন্ন দেৱাল, দলং, বিদ্যুতৰ খুঁটা আদিত ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰচাৰৰ বাবে লিখা লিখনিসমূহ মচি পেলোৱাৰো নিৰ্দেশ দিছে বৰপেটা জিলা প্ৰশাসনে ৷ উল্লেখ্য যে, বিধানসভা নিৰ্বাচনৰ ঘোষণা দিন কৰাৰ লগে লগে আৰম্ভ হৈছে 'নিৰ্বাচনী আচৰণ বিধি' ।

লগতে পঢ়ক:চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.