ETV Bharat / state

Encounter in Barpeta: আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া

author img

By

Published : Jan 31, 2022, 8:57 PM IST

Updated : Jan 31, 2022, 10:43 PM IST

Encounter in Barpeta
আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া

এইবাৰ বৰপেটাত আৰক্ষীৰ এনকাউন্টাৰ (Encounter in Barpeta) ৷ গুলীবিদ্ধ হ’ল কুখ্যাত ড্ৰাগছ মাফিয়া ৷

বৰপেটা, 31 জানুৱাৰী: ৰাজ্যত পুনৰ সংঘটিত হ’ল এনকাউণ্টাৰৰ ঘটনা ৷ এইবাৰ বৰপেটাত আৰক্ষীৰ দ্বাৰা গুলীবিদ্ধ হ’ল ড্ৰাগছ ব্যৱসায়ী (Encounter in Barpeta)৷

বৰপেটা চহৰৰ নিকটৱৰ্তী কেওটকুছিৰ জালাপুৰা দলঙৰ পাৰত আৰক্ষীৰ গুলীত আহত হ’ল কুখ্যাত ড্ৰাগছ মাফিয়া দিলোৱাৰ হুছেইন ৷ গোপন খবৰৰ ভিত্তিত পূৰ্বৰে পৰা জালাপুৰা দলঙৰ ওচৰত খাপপিতি ৰৈ আছিল বৰপেটা আৰক্ষীৰ এটা দল ৷ সেই সময়তে ড্ৰাগছসহ AS 01EU 9735 নম্বৰৰ বেলেনো বাহনেৰে বৰপেটা অভিমুখে গৈ আছিল দিলোৱাৰ হুছেইন ৷

আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া

আৰক্ষীৰ দলে প্ৰথমে সংকেত দি ৰখাবলৈ সক্ষম হয় দিলোৱাৰৰ বাহনখন ৷ ইয়াৰ পিচতেই ড্ৰাগছ মাফিয়াটোক আটক কৰে আৰক্ষীয়ে ৷ কিন্তু আৰক্ষীৰ গাড়ীত উঠাই থানালৈ লৈ যাবলৈ ওলোৱাৰ সময়তে পলায়নৰ চেষ্টা চলোৱা ড্ৰাগছ মাফিয়াটোলৈ লক্ষ্য কৰি আৰক্ষীয়ে দুই ৰাউণ্ড গুলীচালনা কৰে ৷

Encounter in Barpeta: আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ ড্ৰাগছ মাফিয়া

ভৰিত গুলী লগা অৱস্থাত ড্ৰাগছ ব্যৱসায়ী দিলোৱাৰক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

উল্লেখ্য যে বৰপেটা থানাৰ অন্তৰ্গত পালহাজিৰ দিলোৱাৰ হুছেইন দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত আছিল ৷ প্ৰায় এবছৰ পূৰ্বে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত কাৰাবাস খাটিবলগীয়া হৈছিল দিলোৱাৰে ৷ কিন্তু জেলৰ পৰা ওলাই পুনৰ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰে দিলোৱাৰ ৷

লগতে পঢ়ক: Constables being used as labourers : শীৰ্ষ বিষয়াৰ ব্যক্তিগত গৃহ নিৰ্মাণত নিয়োজিত আৰক্ষীৰ জোৱান

Last Updated :Jan 31, 2022, 10:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.