ETV Bharat / state

Barpeta News: বৰপেটা জিলাৰ অংগক্ষত কৰা কাৰ্যৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 5:38 PM IST

Newly Formed Bajali District
মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ দল-সংগঠনৰ

বজালী জিলাত অন্তৰ্ভূক্তিৰ বিৰোধিতা হাউলী, সৰভোগ আৰু বৰপেটা ৰোডৰ দল-সংগঠনৰ ৷ বৰপেটা ৰোড, হাউলী, সৰভোগক অন্তৰ্ভূক্তিৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ দল-সংগঠনৰ ৷

জালী জিলাত অন্তৰ্ভূক্তিৰ বিৰোধিতা বৰপেটা ৰোডৰ দল-সংগঠনৰ

বৰপেটা, 30 আগষ্ট : নৱ গঠিত বজালী জিলাত অন্তৰ্ভূক্তিৰ বিৰোধিতা হাউলী, সৰভোগ আৰু বৰপেটা ৰোডৰ দল-সংগঠনৰ ৷ পূৰ্বৰ বজালী জিলাৰ সৈতে বৰপেটা জিলাৰ বৰপেটা ৰোড, হাউলী, সৰভোগক অন্তৰ্ভূক্তিৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ দল-সংগঠনৰ ৷ বৰপেটাক খণ্ডিত কৰা কাৰ্যৰ বিৰোধিতা বিজেপিৰ পৌৰ সভানেত্ৰীৰ ৷ হাউলী পৌৰ সভাৰ সভানেত্ৰী অঞ্জলী দাস চৌধুৰীৰ দাবী- বজালী জিলাত চামিল হোৱাটো আমাৰ বাবে সম্ভৱ নহয় ৷ আমাক জিলা হিচাবে বৰপেটা জিলা লাগে ৷

একেই দাবী উত্থাপন কৰিলে সৰভোগ প্ৰেছ ক্লাবে ৷ সৰভোগ প্ৰেছ ক্লাবেও মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰি সৰভোগ তথা বৰনগৰ ৰাজহ চক্ৰক বজালীৰ পৰিৱৰ্তে বৰপেটাত অন্তৰ্ভূক্তিৰ দাবী জনাইছে ৷ ইফালে হাউলী আঞ্চলিক ছাত্ৰ সন্থায়ো হাউলী পৌৰসভাৰ লগতে বৃহত্তৰ হাউলী অঞ্চলক বজালী জিলাৰ পৰিৱৰ্তে বৰপেটা জিলাত অন্তৰ্ভূক্তিৰ দাবী জনায় ৷

লগতে পঢ়ক : Inmate dies inside jail: কাৰাগাৰৰ ভিতৰত হাজোতীৰ মৃত্যু; কাৰাগাৰ কৰ্তৃপক্ষলৈ সন্দেহৰ আঙুলি

বৰপেটাক খণ্ড বিখণ্ড কৰা কাৰ্যক সহজভাৱে মানি লব পৰা নাই বৰপেটাবাসীয়ে ৷ চৰকাৰৰ সিদ্ধান্তত এতিয়া দিশহাৰা হৈ পৰিছে বৰপেটাৰ ৰাইজ ৷ অভিভাৱক থকাৰ পিচতো আজি অভিভাৱকহীন বৰপেটাবাসী ৷ বিশেষকৈ চৰকাৰৰ এই সিদ্ধান্তক লৈ ক্ষুণ্ণ, ক্ষোভিত, প্ৰতিবাদমুখৰ হাউলীৰ নাগৰিক সমাজ ৷

ক্ষোভিত হাউলীবাসীয়ে চৰকাৰৰ এই সিদ্ধান্ত পুনৰ বিবেচনা নকৰিলে 2024 ৰ লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ দিয়া হব বুলিও সকিয়নি দিয়ে ৷ আনকি হাউলীবাসী ৰাইজৰ ক্ষোভক গুৰুত্ব প্ৰদান নকৰিলে ভোট বৰ্জনৰ দৰে সিদ্ধান্ত গ্ৰহণৰো সকিয়নি হাউলীৰ নাগৰিক সমাজৰ ৷

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্য চৰকাৰে ঘোষণা কৰা বজালী জিলাক লৈ অসন্তুষ্ট হৈ পৰিছে বৰপেটাবাসী ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্ত পুনৰ বিবেচনাৰ আহ্বান জনাইছে বৰপেটাৰ দল সংগঠনৰ লগতে নাগৰিক সমাজে ৷

লগতে পঢ়ক : Minister Sarbananda Sonowal in Dibrugarh: ডিব্ৰুগড়ৰ জকাইত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন অত্যাধুনিক নেচাৰ'পেথী চিকিৎসালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.