ETV Bharat / state

বৰপেটা জিলাৰ শওপুৰত মুকলিকৈ বহিছে জুৱাৰ আড্ডা

author img

By

Published : Apr 14, 2022, 10:47 PM IST

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওপুৰত চলিছে জুৱাৰ আড্ডা (Open gambling in Barpeta) । কাণসাৰ নাই আৰক্ষী প্ৰশাসনৰ । শীঘ্ৰেই জুৱা খেলৰ বিৰুদ্ধে কঠোৰ ব্য়ৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ ৷

open-gambling-at-kalgachia-in-barpeta
বৰপেটা জিলাৰ শওঁপুৰত মুকলিকৈ বহিছে জুৱাৰ আড্ডা : নিৰৱ আৰক্ষী-প্ৰশাসন

কলগাছিয়া, 14 এপ্ৰিল : চৌদিশে উৎসৱৰ বতৰ । কিন্তু এই উৎসৱৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে জুৱাৰ আড্ডা ৷ আনকি উৎসৱৰ গইনা লৈ বৰপেটা জিলাতো চলিছে জুৱাৰ আড্ডা (Gambling Case in Barpeta) ৷ জানিব পৰা মতে, একাংশ লোকে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শওপুৰত মুকলিভাৱে চলাই গৈছে জুৱাৰ আড্ডা (Open gambling in Barpeta)। এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে অঞ্চটোৰ স্থানীয় ৰাইজে ৷

বৰপেটা জিলাৰ শওঁপুৰত মুকলিকৈ বহিছে জুৱাৰ আড্ডা : নিৰৱ আৰক্ষী-প্ৰশাসন

সম্প্ৰতি য’তে ত’তে বহা এই জুৱাৰ আড্ডা বন্ধ কৰাৰ বাবে দাবী জনাইছে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, জনীয়া সমষ্টিৰ শওপুৰত দীৰ্ঘদিনৰ পৰাই এই জুৱাখেল চলি থকা বুলি ৰাইজৰ অভিযোগৰ ভিত্তিত সাংবাদিকৰ এটা সজাতি দল জুৱা খেল চলি থকাৰ সময়তে উক্ত স্থানত উপস্থিত হয় ৷ ইয়াৰ লগে লগে জুৱাৰী কেইটাই দৌৰি দৌৰি পলায়নৰ চেষ্টা কৰে যদিও সাংবাদিকৰ দলটোৱে পিছে পিছে খেদি যায় ।

কিন্তু অতি পৰিতাপৰ বিষয় এয়ে যে, জুৱাৰ বিৰুদ্ধে বাৰে বাৰে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতো গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ । এতিয়া প্ৰশ্ন হয় যে যদি এনেদৰেই জুৱা খেল চলি থাকে তেন্তে যুৱ প্ৰজন্মৰ ক্ষেত্ৰত কেনে প্ৰভাৱ পৰিব । সেয়ে ৰাইজে অতি শীঘ্ৰেই এই জুৱাখেল বন্ধ কৰাৰ দাবী জনাইছে ৰাইজে ।

লগতে পঢ়ক : কামৰূপত হেৰ’ইনসহ তিনি ড্ৰাগছ সৰবৰাহকাৰীক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.