ETV Bharat / state

বৰপেটাৰোডত তেল চোৰ গ্ৰেপ্তাৰ

author img

By

Published : Jun 5, 2021, 9:56 AM IST

বৰপেটাৰোডৰ সমীপৰ গুৱাগাছা ৰে’ল ষ্টেচন(guwagasa rail station)ৰ মেছপাৰাৰ পৰা ভাৰত পেট্ৰ’লিয়াম(bharat Petrolium)ৰ খাৰুৱা তেল চুৰি কৰা এটা বৃহৎ চক্ৰক কৰায়ত্ত কৰিছে আৰক্ষীয়ে ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বৰপেটা আৰক্ষী(Barpeta police)য়ে ৷

oil-thief-gang-arrested-at-barpetaroad
বৰপেটাৰোডত আৰক্ষীৰ জালত তেল চোৰ চক্ৰ

বৰপেটাৰোড,5 জুন: ৰাজ্যত ক'ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ প্ৰতিদিনে বৃদ্ধি পাইছে বহু অপৰাধজনিত ঘটনা ৷ শেহতীয়াকৈ ৰাজ্যজুৰি চলা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত ড্ৰাগছৰ গোপন বেহাৰ বহু তথ্য পোহৰলৈ অহাৰ মাজতে বৃহস্পতিবাৰে নিশা বৰপেটাৰোডৰ মেছপাৰাৰ পৰা চাৰিজনকৈ তেল চোৰক আটক কৰিছে আৰক্ষীয়ে ৷ আটকাধীন তেল চোৰ কেইটা ক্ৰমে ময়নাল হক, মহৰুদ্দিন, ৰাইজুদ্দিন আৰু তাৰেক আলী ৷ আটাইকেইটা চোৰৰ ঘৰ মেছপাৰাত বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

প্ৰাপ্ত তথ্য অনুসৰি, উক্ত অঞ্চলটোৰ মাজেৰে পাৰ হৈছিল অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেল সৰবৰাহ কৰা বৃহৎ পাইপ ৷ চক্ৰটোৱে নিশাৰ আন্ধাৰৰ সুযোগ লৈ মেছপাৰাৰ হাছমত আলী নামৰ ব্যক্তি এজনৰ মাটিত টিনপাতৰ বেৰ দি বৃহৎ পাইপ ফুটা কৰি খাৰুৱা তেল চুৰি কৰি বিক্ৰী কৰি আহিছিল ৷

বৰপেটাৰোডত আৰক্ষীৰ জালত তেল চুৰি চক্ৰ

এই কথাৰ উমান পাই ভাৰতীয় তেল নিগমে(Indian oil limited barpetaroad) বৰপেটাৰোড থানা(barpetaroad police)ত বিগত এপ্ৰিল মাহত এটা গোচৰ তৰিছিল ৷ সেই মৰ্মে বৰপেটাৰোড আৰক্ষীয়ে তদন্ত কৰি উক্ত তেল চোৰ কেইটাক কৰায়ত্ত কৰি শুকুৰবাৰে বৰপেটা আদালতলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, বিগত 18 এপ্ৰিলত বৰপেটা আৰক্ষীয়ে AS 26 C 2347 নম্বৰৰ এখন তেলৰ টেংকাৰ জব্দ কৰিছিল ৷

লগতে পঢ়কঃ সমষ্টিৰ উন্নয়নৰ বাবে তৎপৰ বিধায়ক ৰূপক শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.