Poor conditions of Chenga Model school : চাৰিমাহে নাই বিদ্যুতৰ সংযোগ, বিকল কম্পিউটাৰ…

author img

By

Published : Dec 25, 2021, 2:01 PM IST

no-electricity-services-for-four-months-at-chenga-model-school-barpeta
চাৰিমাহে নাই বিদ্যুতৰ সংযোগ, বিকল কম্পিউটাৰ… ()

সমস্যাৰে জৰ্জৰিত চেঙা আদৰ্শ বিদ্যালয় (Poor conditions of Chenga Model school) ৷ বিদ্যালয়খনত চাৰিমাহে নাই বিদ্যুতৰ সংযোগ, বিকল কম্পিউটাৰ (No electricity connection for four month) ৷

বৰপেটা, 25 ডিচেম্বৰ : বিগত চাৰিমাহ ধৰি চেঙা আদৰ্শ বিদ্যালয়ত বিদ্যুৎ সেৱা বন্ধ হৈ আছে (Chenga Model school has no electricity connection for four month) ৷ যাৰ ফলত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে । বিশেষকৈ বিদ্যুতৰ অভাৱত পৰ্যাপ্ত পৰিমাণে পানী ব্যৱহাৰ কৰিব নোৱাৰাত বিদ্যালয়খনত চাফ-চিকুণ কৰি ৰাখিবলৈ যথেষ্ট কষ্ট হৈছে । বিদ্যালয়খনৰ কম্পিউটাৰ আৰু লেবৰেটৰী বিভাগো বিকল হৈ পৰাৰ ফলত ছাত্ৰ- ছাত্ৰীয়ে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হ'ব লগা হৈছে বুলি জানিব দিয়ে বিদ্যালয়খনৰ অধ্যক্ষ বাবুল শৰ্মাই ৷

এই বিষয়টোৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক আহ্বান জনায় চেঙা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে ৷ শিক্ষাৰ ক্ষেত্ৰখনত অধিক গুৰুত্ব প্ৰদান কৰিলে অসমত থকা আদৰ্শ বিদ্যালয়সমূহ জাকত জিলিকা হ'ব বুলিও মন্তব্য কৰে অধ্যক্ষ শৰ্মাই ৷

চাৰিমাহে নাই বিদ্যুতৰ সংযোগ, বিকল কম্পিউটাৰ…

প্ৰায় দুবছৰতকৈ অধিক সময়ৰ পিছত সমগ্ৰ ৰাজ্যতে শিক্ষানুষ্ঠানসমূহ খুলি দিয়াৰ পিছতে আন এক সমস্যাই জোকাৰি গৈছে ৷ ৰাজ্যৰ আন প্ৰান্তৰ দৰেই এতিয়া বৰপেটাৰ শিক্ষানুষ্ঠানসমূহতো ক’ভিডৰ ভয়াৱহ সংক্ৰমণ পোহৰলৈ আহিছে (Covid 19 cases increase in Barpeta) । ইয়াৰ মাজতে বিভিন্ন সমস্যাৰে জৰ্জৰিত বৰপেটাৰ এই বিদ্যালয়খন (Poor conditions of Chenga Model school) ৰ এগৰাকী শিক্ষয়িত্ৰীৰ দেহত ধৰা পৰিছে ক'ভিড 19 ৰ অৱস্থিতি (Covid 19 positive case in Chenga Model school) ৷

উল্লেখ্য যে, চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহায়ত বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলৰো ক’ভিড পৰীক্ষা কৰা হৈছিল । এই পৰীক্ষাৰ পাচতেই শিক্ষয়ত্ৰী গৰাকীৰ দেহত ক’ভিড 19 ৰ অৱস্থিতি ধৰা পৰে ৷ ইয়াৰ পাছতে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনৰ তত্বাৱধানত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে । এই ঘটনাৰ পাছতে বিদ্যালয়খনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : 75 Years of Independence : এগৰাকী ব্যতিক্ৰমী, প্ৰকৃত দেশপ্ৰেমিক চন্দ্ৰশেখৰ আজাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.