ETV Bharat / state

পৰকীয়া প্ৰেম : সৰ্থেবাৰীৰ ব্যৱসায়ী হত্যাকাৰীক বটদ্ৰৱাত আটক

author img

By

Published : Apr 26, 2021, 11:02 PM IST

সৰ্থেবাৰীৰ ব্যৱসায়ী হৰিপদ তালুকদাৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ধীৰাজ ভূঞাক বটদ্ৰৱাত আটক । বটদ্ৰৱা আৰক্ষীৰ সহযোগত সৰ্থেবাৰী আৰক্ষীয়ে বটদ্ৰৱাৰ ভেটিয়নি গাঁৱত আত্মগোপন কৰি থকা অভিযুক্ত ধীৰাজ ভূঞাক আটক কৰে । পৰকীয়া প্ৰেমৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

murdar-case-accused-arrested
পৰকীয়া প্ৰেম: সৰ্থেবাৰীৰ ব্যৱসায়ী হত্যাকাৰীক বটদ্ৰৱাত আটক

বৰপেটা, ২৬ এপ্ৰিল: অৱশেষত আৰক্ষীৰ জালত পৰিল সৰ্থেবাৰীৰ ব্যৱসায়ী হৰিপদ তালুকদাৰৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ধীৰাজ ভূঞা । সৰ্থেবাৰী আৰক্ষীয়ে দেওবাৰে নিশা বটদ্ৰৱা আৰক্ষীৰ সহযোগত বটদ্ৰৱাৰ ভেটিয়নি গাঁৱত আত্মগোপন কৰি থকা অভিযুক্ত ধীৰাজ ভূঞাক আটক কৰে ।

শুকুৰবাৰে নিশা সৰ্থেবাৰীৰ কাৰাকুছী গাঁৱত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড ৷ নিজ পত্নী আৰু পত্নীৰ প্ৰেমিক ধীৰাজ ভূঞাই মিলি হৰিপদ তালুকদাৰক হত্যা কৰা বুলি ৰাইজে অভিযোগ তুলিছিল ৷ আনকি মূল অভিযুক্ত ধীৰাজ ভূঞাক গ্ৰেপ্তাৰৰ দাবীত হৰিপদ তালুকদাৰৰ মৃতদেহ লৈ সৰ্থেবাৰীত পথ অবৰোধ কৰিছিল ৰাইজে । ইয়াৰ পিচতেই আৰক্ষীয়ে অভিযান চলাই দেওবাৰে নিশা আটক কৰে অভিযুক্ত ধীৰাজ ভূঞাক ।

পৰকীয়া প্ৰেম: সৰ্থেবাৰীৰ ব্যৱসায়ী হত্যাকাৰীক বটদ্ৰৱাত আটক

উল্লেখ্য যে, পৰকীয়া প্ৰেমৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । পত্নী উৰ্মি তালুকদাৰে প্ৰেমিক ধীৰাজ ভূঞাৰে মিলি স্বামী হৰিপদ তালুকদাৰক চোকা অস্ত্ৰৰে মূৰত হানি-খুছি হত্যা কৰাৰ অভিযোগ উত্থাপনৰ পিচতেই ইতিমধ্যে আৰক্ষীয়ে পত্নী উৰ্মি তালুকদাৰক আটক কৰিছিল ৷ ইফালে সোমবাৰে অভিযুক্ত ধীৰাজ ভূঞাক আদালতত হাজিৰ কৰায় আৰক্ষীয়ে ৷
লগতে পঢ়ক: ভাস্কৰজ্যোতি মহন্তৰ ফটো ব্যৱহাৰ কৰি ৰঙাঘৰৰ আলহী হ'ল যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.