ETV Bharat / state

Eight Years Of Modi Govt: বৰপেটাত গৰীৱ কল্যাণ সন্মিলনত সাংসদ ভূৱনেশ্বৰ কলিতা

author img

By

Published : May 31, 2022, 6:21 PM IST

mp-bhubaneswar-kalita-present-at-pm-garib-kalyan-yojana-sammelan-in-barpeta
Eight Years Of Modi Govt: বৰপেটাত গৰীৱ কল্যাণ সন্মিলনত সাংসদ ভূৱনেশ্বৰ কলিতা

দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ বৰপেটা জিলাতো আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশৰ পৰা সম্বোধন কৰা গৰীৱ কল্যাণ আঁচনিৰ (PM Garib Kalyan Yojana)অন্তৰ্গত বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলক সামৰি ভাৰ্চুৱেল সভাখন আয়োজন কৰা হয় ৷

বৰপেটা, ৩১ মে': 'আজাদী কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি তথা নৰেন্দ্ৰ মোডী চৰকাৰৰ ৮ বছৰ পূৰ্ণ (Eight Years Of Modi Govt) হোৱাৰ উপলক্ষে মঙলবাৰে দেশজুৰি গৰীৱ কল্যাণ আঁচনিৰ অন্তৰ্গত বিভিন্ন আঁচনিৰ হিতাধিকাৰীক ভাৰ্চুৱেলী সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোডীয়ে(Pradhan Mantri Garib Kalyan Yojana) ৷

ইফালে, বৰপেটাতো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হিমাচল প্ৰদেশৰ পৰা সম্বোধন কৰা (PM Virtual meeting from Shimla for Garib Kalyan Sammelan)গৰীৱ কল্যাণ আঁচনিৰ অন্তৰ্গত বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ সৈতে হোৱা ভাৰ্চুৱেল সভাত উপস্থিত থাকে বিজেপি সাংসদ ভূৱনেশ্বৰ কলিতা(MP Bhubaneswar Kalita in Barpeta) ৷

MP Bhubaneswar Kalita present at PM Garib Kalyan Yojana Sammelan in Barpeta
Eight Years Of Modi Govt: বৰপেটাত গৰীৱ কল্যাণ সন্মিলনত সাংসদ ভূৱনেশ্বৰ কলিতা

বিভিন্ন আচঁনিৰ হিতাধিকাৰীৰ সৈতে ভাৰ্চুৱেলী সভাত অংশগ্ৰহণ কৰি সাংসদগৰাকীয়ে বৰপেটা জিলা পুথিভৰালত দেশৰ দুখীয়া লোকসকলৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহৰ কথা উল্লেখ কৰে ৷ সভাত সাংসদগৰাকীয়ে উক্ত আঁচনিৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে, "কেৱল আঁচনি গ্ৰহণ কৰিলেই নহ'ব, আঁচনিসমূহৰ ১০০ শতাংশই কাম ৰূপায়ণ হ'ব লাগিব ৷"

Eight Years Of Modi Govt: বৰপেটাত গৰীৱ কল্যাণ সন্মিলনত সাংসদ ভূৱনেশ্বৰ কলিতা

আনহাতে, মূল্যবৃদ্ধিৰ কথা উল্লেখ কৰি ক'ভিডৰ বাবেই মূল্যবৃদ্ধি বৃদ্ধি পোৱা বুলি প্ৰকাশ কৰি চৰকাৰে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ উল্লেখ্য যে, বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত জিলা উপায়ুক্তৰ লগতে আন বিষয়া, হিতাধিকাৰীসকলকে আদি কৰি বহু লোকে অংশ লয় ৷

লগতে পঢ়ক : এতিয়াও কংগ্ৰেছৰ প্ৰতি আবেগ হেৰোৱা নাই ভূৱনেশ্বৰ কলিতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.