ETV Bharat / state

Mock drill on covid preparedness: ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু বৰপেটা মেডিকেল কলেজ হাস্পতাল

author img

By

Published : Dec 27, 2022, 7:33 PM IST

Mock drill in Barpeta on Covid preparedness
বৰপেটা মেডিকেল কলেজ হাস্পতালত মকড্ৰিল সম্পন্ন

ক’ভিডৰ পুনৰ প্ৰাদুৰ্ভাৱ ঘটাৰ পৰিপ্ৰেক্ষিতত আগতীয়াকৈ সাজু হৈছে দেশৰ স্বাস্থ্য মন্ত্ৰণালয় ৷ মঙলবাৰে সমগ্ৰ দেশৰ কেইবাখনো চিকিৎসালয়ৰ সমান্তৰালভাৱে বৰপেটাতো ৰাজ্যৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশক্ৰমে বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসকসকলৰ মাজতো মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত কৰা হয়(Mock drill in Barpeta on Covid preparedness) ।

বৰপেটা মেডিকেল কলেজ হাস্পতালত মকড্ৰিল সম্পন্ন

বৰপেটা,২৭ ডিচেম্বৰ: ক'ভিডক লৈ পুনৰ আৰম্ভ হৈছে আতংক ৷ চীনত আৰম্ভ হোৱা ক'ভিডৰ নতুন ভেৰিয়েন্টক লৈ উদ্বিগ্ন বিশ্ববাসী ৷ দিনক দিনে চীনত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু তালৈ লক্ষ্য ৰাখি ক'ভিড আক্ৰান্তৰ চিকিৎসা আৰু পৰিচৰ্যাৰ বাবে সমগ্ৰ দেশতে চলিছে বিশেষ তৎপৰতা । সমগ্ৰ দেশতে Covid ৰ বাবে প্ৰস্তুতিৰ মূল্যায়নৰ প্ৰয়াস চলাবলৈ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে মঙলবাৰে সমগ্ৰ দেশৰ কেইবাখনো চিকিৎসালয়ত ম’কড্ৰিল অনুষ্ঠিত কৰিছে (Mock drill on covid preparedness) ।

দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে অসমতো আৰম্ভ হৈছে ব্যাপক তৎপৰতা ৷ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ নিৰ্দেশক্ৰমে মঙলবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত চিকিৎসকসকলৰ মাজত মকড্ৰিল সম্পন্ন কৰে হাস্পতাল কৰ্তৃপক্ষই(Mock drill in Barpeta on Covid preparedness) ৷ বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে হাস্পতালখনত মঙলবাৰে ৰূপায়ন কৰা ম'কড্ৰীলৰ কথা জনোৱাৰ লগতে হাস্পতালখনত ক'ভিড চিকিৎসাৰ বাবে থকা সুযোগ সুবিধাৰ বিষয়েও অৱগত কৰে সাংবাদিকক(Barpeta Medical College Hospital) ৷

ইতিমধ্যে ক'ভিডৰ চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতালত ক'ভিড ৰোগীৰ বাবে ২৫ খন ICU বেড সাজু কৰি ৰখা হৈছে ৷ ইফালে বৰপেটা মেডিকেল কলেজ হাস্পতালত দুটা থাউজেণ্ড LPM, 500 LPM দুটা আৰু 20 থাউজেণ্ড LMO Tank দুটা আছে । ইয়াৰ জৰিয়তে পৰ্যাপ্তভাৱে অক্সিজেনৰ সুবিধা লাভ কৰিব পৰা যাব বুলিও জনাই অধ্যক্ষগৰাকীয়ে ৷

ইফালে পূৰ্বৰ দৰেই এম্বুলেঞ্চ আদিৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ ক'ভিড প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষ সম্পূৰ্ণ সাজু হৈ থকা বুলি প্ৰকাশ কৰি অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে ৰাইজক মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে, কিছুমান দেশত Covid আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ কথা বিবেচনা কৰি কেন্দ্রই এক পৰামৰ্শ জাৰি কৰি ৰাজ্যসমূহক যিকোনো ধৰণৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আগতীয়াকৈ ভালদৰে প্ৰস্তুত হ’বলৈ অনুৰোধ জনাইছে (Mock drill to check covid preparedness) । ম’কড্ৰিলত বিচনাৰ উপলব্ধতা, জনশক্তি, ৰেফাৰেল সম্পদ, পৰীক্ষাৰ ক্ষমতা, চিকিৎসা সামগ্ৰী, টেলিমেডিচিন সেৱা আৰু চিকিৎসা অক্সিজেনৰ উপলব্ধতা আদিৰ মূল্যায়ন কৰা হ’ব বুলিও উল্লেখ কৰে কেন্দ্ৰই ।

ইফালে, ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ চিকিৎসকৰ সৈতে হোৱা এক বৈঠকত চিকিৎসকসকলে কয়, ‘‘এনে অনুশীলনে আমাৰ অপাৰেচনেল ৰেডিনেছত সহায় কৰিব, যদি কোনো ব্যৱধান আছে তেন্তে সেয়া পূৰণ কৰাত সহায় কৰিব আৰু ফলস্বৰূপে আমাৰ জনস্বাস্থ্যৰ সঁহাৰি শক্তিশালী কৰিব’’ ।

লগতে পঢ়ক: Hail storm at Moran : শিলাবৃষ্টিৰ ফলত মৰাণত এজন শ্ৰমিকৰ মৃত্যু, পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী মহনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.