ETV Bharat / state

শিক্ষকবিহীন বিদ্যালয়: শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষোভ বিধায়ক শ্বেৰমান আলীৰ

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 8:04 PM IST

MLA Sherman Ali Ahmed
বিধায়ক শ্বেৰমান আলীৰ ক্ষোভ

Lack of Teacher : শিক্ষা মন্ত্ৰী আৰু বিভাগৰ বিৰুদ্ধে ক্ষোভ বিধায়ক শ্বেৰমান আলী আহমেদৰ ৷ শিক্ষক অবিহনে আৰু এজনীয়া শিক্ষকৰে চলি থকা বিদ্যালয়ক লৈ ক্ষোভ বিধায়ক শ্বেৰমান আলীৰ ৷

শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ বিধায়ক শ্বেৰমান আলীৰ

বৰপেটা, 10 জানুৱাৰী: "এইয়া অতি লজ্জাজনক ৷ এনেকুৱা ধৰণৰ মানুহে পদৰ পৰা অব্যাহতি ল’ব লাগে ৷ যদি ৰাইজৰ উপকাৰ কৰিব নোৱাৰে তেন্তে অব্যাহতি ল’ব লাগে ৷" এই মন্তব্য বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীৰ ৷ বৰপেটাত শিক্ষক অবিহনে আৰু এজনীয়া শিক্ষকৰে চলি থকা বিদ্যালয়ক লৈ শিক্ষা বিভাগ তথা শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ উজাৰি এই মন্তব্য কৰে বিধায়ক শ্বেৰমান আলী আহমেদে ৷

বিধায়কগৰাকীয়ে ক্ষোভ উজাৰি কয় যে, চৰকাৰ তথা প্ৰশাসন জনসাধাৰণৰ সেৱক, ৰজা নহয় ৷ কিন্তু বৰপেটাৰ প্ৰশাসনে নিজকে ৰজা বুলি ভাবে ৷ নিজকে ৰজা বা একনায়কত্ববাদী বুলি নাভাবি ৰাইজৰ সেৱক হ’বলৈ চেষ্টা কৰাৰ দাবী বিধায়ক শ্বেৰমানৰ ৷ তেওঁ পুনৰ কয় যে, 6 খনকৈ বিদ্যালয়ত শিক্ষক নাই, কিন্তু প্ৰশাসনে কি কৰি আছে ৷ ক্ষমতাত থকা হ’লে প্ৰশাসনৰ লোকক জেললৈ প্ৰেৰণ কৰিলহেতেন বুলিও মন্তব্য কৰে শ্বেৰমান আলী আহমেদে ৷

ইফালে ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুক উদ্দেশ্যি বিধায়ক আলীয়ে কয় যে, শিক্ষামন্ত্ৰী গৰাকীৰ বিভাগৰ বিষয়া সকলে শিক্ষা ব্যৱস্থাক ধ্বংস কৰিছে ৷ লগতে শিক্ষামন্ত্ৰী গৰাকীকো এই শ্ৰক্ষেত্ৰত অকৰ্মণ্য আখ্যা দিয়ে বিধায়ক গৰাকীয়ে ৷ শিক্ষামন্ত্ৰীক জিলাৰ আয়ুক্ত আৰু শিক্ষা বিভাগৰ বিষয়া সকলৰ বিৰুদ্ধে অনুসন্ধান কৰিবলৈ কয় তেওঁ ৷ তেওঁ লগতে কয় যে, এই সকল লোকে এচি কোঠাত বহি কোনো কাম নকৰাকৈ বহি আছে ৷

আনহাতে মুখ্যমন্ত্ৰীক দক্ষ বুলি উল্লেখ কৰি শিক্ষা বিভাগ ভাল কৰিবলৈ হ’লে শিক্ষা মন্ত্ৰী ৰণোজ পেগুক শীঘ্ৰেই অপসাৰণৰ দাবী জনায় বিধায়ক শ্বেৰমান আলীয়ে ৷ লগতে বৰপেটাৰ জিলা আয়ুক্ত আৰু সহকাৰী জিলা আয়ুক্তকো নিলম্বন কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায় তেওঁ ৷

লগতে পঢ়ক : ভাৰতত সুৰক্ষিত সকলো সংখ্যালঘু: বদৰুদ্দিন আজমলক প্ৰত্যুত্তৰ লালপুৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.