ETV Bharat / state

দিনত হ’লে কংগ্ৰেছ ৰাতি হ’লে বিজেপি হোৱা কোন তেওঁলোক !

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 11:13 AM IST

Updated : Dec 20, 2023, 3:02 PM IST

কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক মন্তব্য এ আই ইউ ডি এফৰ (AIUDF) বিধায়ক হাফিজ ৰফিকুল ইছলামৰ (MLA Rafiqul Islam) ৷ ‘‘বিজেপিৰ হৈ কাম কৰি আছে কংগ্ৰেছে(APCC) ৷ বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ যুঁজ দিয়াৰ মন নাই ’’ বুলি কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে ৷

MLA Rafiqul Islam Slams Congress leader
দিনত হ’লে কংগ্ৰেছ ৰাতি হ’লে বিজেপি হোৱা কোন তেওঁলোক

বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ যুঁজ দিয়াৰ মন নাই

জনিয়া, 20 ডিচেম্বৰ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহৰ নেতাৰ মাজত বাকযুদ্ধ ৷ আনহাতে ৰাজ্যৰ বিৰোধী দলসমূহ এক গোট হোৱাক লৈ বিজেপিয়ে সমালোচনা কৰাৰ সমান্তৰালকৈ বিৰোধী গোটত নথকা এ আই ইউ ডি এফৰ নেতাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধী গোটৰ জ্যেষ্ঠ ভাতৃ স্বৰূপ কংগ্ৰেছক ৷ কেতিয়াবা যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাজনীতি কৰিব নাজানে বুলি সমোলোচনা কৰে, আন কেতিয়াবা ৰাজ্যত কংগ্ৰেছৰ জনপ্ৰিয়তা কমিছে বুলি সমালোচনা কৰি আহিছে এ আই ইউ ডি এফৰ নেতাই ৷

এইবাৰ আন এখোপ আগুৱাই কংগ্ৰেছে বিজেপিৰ হৈ কাম কৰি আছে বুলিহে কংগ্ৰেছক কটাক্ষ কৰিলে এ আই ইউ ডি এফৰ নেতা তথা বিধায়ক হাফিজ ৰফিকুল ইছলামে ৷ মুখ্যমন্ত্ৰীৰ সুৰত সুৰ মিলাই বিধায়ক ইছলামে কয়, ‘‘বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ যুঁজ দিয়াৰ মন নাই ৷ ৰাজ্যত কংগ্ৰেছ এতিয়া মুখ্য দল হৈ থকা নাই বুলি মুখ্যমন্ত্ৰীয়ে কোৱা কথাটো সঁচা ৷ বিজেপিৰ হৈ কাম কৰি আছে কংগ্ৰেছে ৷ কংগ্ৰেছ দলৰ নেতাৰ লগত ভিতৰুৱা সম্পৰ্ক আছে মুখ্যমন্ত্ৰীৰ ৷ ৰাতি হ’লে কংগ্ৰেছৰ নেতাসকলে মুখ্যমন্ত্ৰীৰ সৈতে বহি পৰিকল্পনা প্ৰস্তুত কৰে ৷ দিনত হ’লে কংগ্ৰেছ হয় আৰু সেইসকল নেতাই ৰাতি হ’লে বিজেপি হয় ৷ অসম কংগ্ৰেছৰ নেতা, বিধায়কসকলৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে জানে ৷ কংগ্ৰেছৰ নেতাই যে দলৰ সলনি বিজেপিৰ হৈ কাম কৰি আছে সেই কথা মুখ্যমন্ত্ৰীয়ে নাজানিলে কোনে জানিব ৷’’

আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফে কিমানটা সমষ্টিত প্ৰতিদ্বন্দিতা কৰি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক ইছলামে কয়, ‘‘ ধুবুৰী, নগাঁও আৰু কৰিমগঞ্জত প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব ৷ বিজেপি, কংগ্ৰেছৰ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’লেও তিনিওটা সমষ্টিত আমিয়ে জিকিম ৷’’

লগতে পঢ়ক : এদিনৰ পিচতেই চপৰা চপৰকৈ উঠি আহিল পকী পথ, ৰাইজৰ তীব্ৰ প্ৰতিবাদ

Last Updated : Dec 20, 2023, 3:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.