ETV Bharat / state

তলা-চাবি এৰি হাতত পদুম তুলি ল’ব ফণীধৰ তালুকদাৰে

author img

By

Published : Aug 22, 2021, 7:37 PM IST

ৰাজ্যত এতিয়া গৰম বতাহ বলিছে উপ-নিৰ্বাচনৰ ৷ বিৰোধী দলৰ পৰা কেইবাগৰাকী বিধায়কে ইতিমধ্যে গেৰুৱা বসন পৰিধান কৰিছে ৷ এতিয়া চৰ্চা চলিছে ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰৰ বিজেপি গমনৰ প্ৰসংগ ৷

mla-phanidhar-talukdar-join-bjp-party-will-be-1st-september
তলা-চাবি এৰি হাতত পদুম তুলি ল’ব ফণীধৰ তালুকদাৰে

পাঠশালা, 22 আগষ্ট : ৰাজ্যত সমাগত উপ-বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে ৰাজনৈতি দল সমূহে কঁকালত টঙালি বন্ধা দেখা গৈছে উপ-নিৰ্বাচনলৈ ৷ তাৰমাজতে বিভিন্ন দলৰ পৰা বিধায়ক তথা ৰাজনৈতিক নেতাই ইতিমধ্যে শাসকীয় দল বিজেপিত যোগদান কৰিছে ৷ মৰিয়নিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গেৰুৱা দলত যোগদান কৰিছ, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইয়েও গেৰুৱা শিৱিৰত যোগদান কৰিছে ৷

তলা-চাবি এৰি হাতত পদুম তুলি ল’ব ফণীধৰ তালুকদাৰে

এতিয়া চৰ্চা চলিছে প্ৰথমবাৰৰ বাবে বিধানসভালৈ AIUDF দলৰ পৰা নিৰ্বাচিত হোৱা ভৱানীপুৰৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে বিজেপিত যোগদান কৰা প্ৰসংগ ৷ ফণীধৰ তালুকদাৰে বিজেপি দলত যোগদান কৰা প্ৰসংগ চৰ্চা চলি থকাৰ মাজতে এই চৰ্চাক সাকাৰ ৰূপ দিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ এক বিশেষ মন্তব্যই ৷

ভবেশ কলিতাই জানিবলৈ দিয়া অনুসৰি আগন্তুক 1 ছেপ্তেম্বৰত ভৱনীপুৰ সমষ্টিৰ AIUDFৰ বিধায়ক ফণীধৰ তালুকদাৰে বিজেপিত যোগদান কৰিব ৷ তাৰপাচতে ফণীধৰ তালুকদাৰক উপ-নিৰ্বাচনৰ ভোট যুদ্ধলৈ সাজু হোৱা দেখা গৈছে ৷ তাৰেই এক প্ৰতিফলন দেখা গ’ল বিধায়ক ফণীধৰ তালুকদাৰৰ বাসগৃহত ৷

লগতে পঢ়কঃ কল্যাণ সিঙক শ্ৰদ্ধাঞ্জলি জনাবলৈ লক্ষ্ণৌত উপস্থিত প্ৰধানমন্ত্ৰী

দেওবাৰে ফণীধৰ তালুকদাৰৰ বাসগৃহত ভৱানীপুৰ সমষ্টিৰ অন্তগৰ্ত 25 গৰাকী কৰ্কট ৰোগীলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ অধীনত আৰ্থিক চেক প্ৰদান কৰে ৷ পাকে প্ৰকাৰন্তৰে তাৰ অৰ্থ ইয়াকে বুজাবলৈ ধৰিছে বিধায়কজনে যে, এতিয়া সমষ্টিৰ উন্নয়নৰ বাবে শাসকীয় দলৰ লগত থকটোৱে নিতান্তই প্ৰয়োজন ৷ সেয়েহে ফণীধৰ তালুকদাৰে যোগদান কৰিবলৈ ওলাইছে বিজেপি দলত ৷

একেদৰে বিগত 100 টা দিনত ভৱানীপুৰ সমষ্টিত উন্নয়ন হোৱা কাম-কাজৰ ক্ষতিয়ানো দাঙি ধৰে বিধায়ক ফণীধৰ তালুকদাৰে ৷ বিধায়ক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি সমষ্টিৰ উন্নয়নৰ কথা চিন্তা কৰি বিভিন্ন পক্ষৰ সমৰ্থন আদায় কৰি বিজেপিলৈ যাৱলৈ ওলাইছে ৷ লগতে তেওঁ কয় যে, বিজেপিত যোগদান কৰাৰ প্ৰসংগত অহা 1 ছেপ্তেম্বৰত তেওঁ সাংবাদিকক সম্বোধন কৰিব ৷

এতিয়া প্ৰশ্ন উত্থাপন হৈছে বিগত বিধানসভা নিৰ্বাচনত তলা-ছাবিৰ ছবিত নিৰ্বাচন খেলি ৰূপহী ভৱানীপুৰক সুৰভি বাটেৰে আগবঢ়াই নিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা ফণীধৰ তালুকদাৰে পদুম ফুলৰ ছবিৰে ৰাইজক কেনেদৰে উন্নয়নৰ চমক দেখুৱাই সেয়া সময়তহে লক্ষণীয় হ’ব ৷

লগতে পঢ়কঃ অসমৰ একাংশ ইছলামধৰ্মী লোকৰ মন-মগজু তালিবানী চিন্তাৰে সংপৃক্ত: মমিনুল আৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.