ETV Bharat / state

Assam Municipal Election 2022 : নিৰ্বাচনী প্ৰচাৰৰ মাজতে নাচি উঠিল বিধায়ক ফনীধৰ তালুকদাৰ

author img

By

Published : Mar 4, 2022, 4:38 PM IST

আজি পৌৰ নিৰ্বাচনৰ প্ৰচাৰৰ শেষ দিন ৷ পৌৰ নিৰ্বাচনৰ প্ৰচাৰৰ শেষ দিনটোতে বৰপেটাৰ 1নং ৱাৰ্ডত নিৰ্বাচনী প্ৰচাৰৰ মাজতে নাচি উঠিল ভৱানীপুৰৰ বিজেপি বিধায়ক ফনীধৰ তালুকদাৰ (MLA Phanidhar Talukdar campaigns for Minicipal poll) ৷

bjp-campaign-for-minicipal-poll-in-barpeta
নিৰ্বাচনী প্ৰচাৰৰ মাজতে নাচি উঠিল বিধায়ক ফনীধৰ তালুকদাৰ

বৰপেটা, 4 মাৰ্চ : আজি পৌৰ নিৰ্বাচনৰ প্ৰচাৰৰ শেষ দিন ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বৰপেটাতো দেখা গৈছে আগন্তুক 6 মাৰ্চত অনুষ্ঠিত হ’বলগীয়া পৌৰ নিৰ্বাচনৰ (Assam municipal election 2022) ব্যাপক তৎপৰতা ।

পৌৰ নিৰ্বাচনৰ প্ৰচাৰৰ শেষ দিনটোতে শুকুৰবাৰে বৰপেটাৰ 1নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী ৰাজেন তালুকদাৰৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে বৰপেটাৰ বিখ্যাত হোলীগীতৰ তালে তালে নাচি উঠিল ভৱানীপুৰৰ বিজেপি বিধায়ক ফনীধৰ তালুকদাৰ (MLA Phanidhar Talukdar dances in an election campaign) ৷

নিৰ্বাচনী প্ৰচাৰৰ মাজতে নাচি উঠিল বিধায়ক ফনীধৰ তালুকদাৰ

শুকুৰবাৰে বৰপেটাত বিধায়ক ফনী তালুকদাৰ, বিজেপি নেতা জয়ন্ত দাস, বিদ্যাসাগৰ আদিৰ উপস্থিতিত বিজেপিৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় (BJP campaign for Minicipal poll in Barpeta) ৷ এই নিৰ্বাচনী সভাত এটা বৃহৎ সমদলো উলিওৱা হয় ৷ এই সভাত উপস্থিত থাকি বিজেপি নেতা জয়ন্ত দাসে বৰপেটা পৌৰসভাৰ 22 টা ৱাৰ্ডতেই বিজেপিৰ বিজয় নিশ্চিত বুলি দাবী কৰে ৷

ইয়াৰোপৰি বিজেপিয়ে পৌৰসভা গঠন কৰি বৰপেটাত পাৰ্ক, চুইমিং পুল, ষ্টেডিয়াম আদি নিৰ্মানেৰে বৰপেটাৰ পূৰ্বৰ ক্ৰীড়াৰ গৌৰৱ ঘূৰাই অনাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে বিজেপি নেতাগৰাকীয়ে ৷

লগতে পঢ়ক : Randeep Hooda latest news: শ্বুটিঙত আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে ৰণদীপ হুদা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.