ETV Bharat / state

বিজেপি চৰকাৰে বাক স্বাধীনতাক বিশ্বাস নকৰে: মনোৰঞ্জন তালুকদাৰ

author img

By

Published : Sep 11, 2022, 6:33 PM IST

বিজেপি চৰকাৰ অসহিষ্ণু হৈছে: মনোৰঞ্জন তালুকদাৰ
বিজেপি চৰকাৰ অসহিষ্ণু হৈছে: মনোৰঞ্জন তালুকদাৰ

অভিযোগকাৰীক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যৰ সৰ্বত্ৰে ৷ ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ ঘটনাক লৈ মন্তব্য আগবঢ়াইছে ভিন্নজনে ৷ উক্ত ঘটনাৰ প্ৰসংগত চৰকাৰ অসহিষ্ণু হৈছে বুলি মন্তব্য কৰিলে বিধায়ক মনোৰঞ্জন তালুকদাৰে (MLA Manoranjan Talukdar)৷

বৰপেটা, ১১ ছেপ্টেম্বৰ: অভিযোগ দিবলৈ গৈ অভিযুক্ত হোৱা ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমতো বিভিন্ন জনাইছে মন্তব্য কৰিছে ভিক্টৰ দাসক গ্ৰেপ্তাৰৰ সন্দৰ্ভত (Victor Das arrest)৷ দেওবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সৰভোগৰ চিপিআইএম বিধায়ক মনোৰঞ্জন তালুকদাৰে (MLA Manoranjan Talukdar)৷

বিধায়কগৰাকীয়ে কয় যে, ২৬ হাজাৰ পদৰ পৰীক্ষাক লৈ ভিক্টৰ দাসে এটা অভিযোগ আনিছে (Assam recruitment scam allegation)৷ প্ৰথমে সেই অভিযোগৰ ভিত্তি তদন্ত হ’ব লাগিছিল ৷ কিন্তু তাকে নকৰি অভিযোগকাৰীকহে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যক লৈ আশ্বৰ্য প্ৰকাশ কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

বিজেপি চৰকাৰ অসহিষ্ণু হৈছে: মনোৰঞ্জন তালুকদাৰ

বিধায়কগৰাকীয়ে কয় যে, কোনো কথা অথবা বিষয়ক লৈ আমি সন্দেহ কৰিব পাৰোঁ ৷ এইক্ষেত্ৰত পূৰ্বতে ৰাজ্য চৰকাৰে পিএনআৰডি(PNRD recruitment scam allegation), এপিডিএলচি, অসম আৰক্ষীৰ কনিষ্টবল আদিত নিয়োগৰ সময়ত সংঘটিত অনিয়মৰ প্ৰসংগ উত্থাপন কৰি সন্দেহ কৰাতো অপৰাধ হ’ব নোৱাৰে বুলি মন্তব্য কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

প্ৰথমে ভিক্টৰ দাসৰ অভিযোগৰ(Allegation of Victor Das) ভিত্তিত গোচৰ ৰুজু কৰিব লাগিছিল বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ ৰুজু কৰা গোচৰৰ তদন্তত যদিহে ভিক্টৰ দাসে কোনো তথ্য প্ৰমাণ দিব নোৱাৰে তেতিয়া ভিক্টৰ দাসৰ বিৰুদ্ধেও ব্যৱস্থা লওক বুলি মনোৰঞ্জন তালুকদাৰে মন্তব্য কৰে ৷

চৰকাৰ অসহিষ্ণু হৈছে বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে বাক স্বাধীনতা নোহোৱা হৈছে ৷ চৰকাৰৰ বিৰোধিতা কৰিলেই জেলত ভৰাই থয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সৰভোগৰ বিধায়কগৰাকীয়ে ৷ ভিক্টৰ দাসৰ গ্ৰেপ্তাৰৰ জৰিয়তে মানুহৰ ব্যক্তি স্বাধীনতা খৰ্ব কৰা হৈছে বুলিও মন্তব্য বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

আনহাতে নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰা ভিক্টৰ দাসৰ সন্দৰ্ভত দেওবাৰে প্ৰথবাৰৰ বাবে মুখ খুলিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma on Victor Das)৷ উক্ত অভিযোগৰ ঘটনাক জেমচ বণ্ডৰ চিনেমা আখ্যা দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ এনেধৰণৰ অভিযোগৰ বাতৰি প্ৰচাৰ কৰি লাখ লাখ ল’ৰা-ছোৱালীৰ মূৰ গৰম নকৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ৰিজাল্ট দিয়াৰ পাছতে সকলো স্পষ্ট হৈ পৰিব বুলি উল্লেখ কৰি একাংশ সংবাদ প্ৰতিষ্ঠানে চৰকাৰৰ 1 লাখ নিযুক্তি প্ৰক্ৰিয়া(One Lakh recruitment assurance) বন্ধ কৰাৰ চেষ্টা কৰি থকা বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: ভিক্টৰক সাক্ষাৎ কৰাত বাধা: আদালতৰ অনুমতি লৈ সাক্ষাৎ কৰিব ভূপেন বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.