ETV Bharat / state

Miya Controversy: মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পুত্ৰক বিলাহী খেতি কৰাৰ পৰামৰ্শ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ

author img

By

Published : Jul 15, 2023, 3:29 PM IST

‘মিঞা’ বিতৰ্ক সন্দৰ্ভত এইবাৰ নিজৰ স্থিতি প্ৰকাশ কৰিছে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ মুখ্যমন্ত্ৰীৰ মন্তব্যক অসাংবিধানিক আখ্যা বিধায়ৰগৰাকীৰ ৷ মুখ্যমন্ত্ৰীৰ পুত্ৰক উপদেশ বিধায়ক তালুকদাৰৰ ৷

Miya Controversy
Miya Controversy

মুখ্যমন্ত্ৰীৰ মন্তব্যক অসাংবিধানিক আখ্যা

বৰপেটা, ১৫ জুলাই: মিঞা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা মন্তব্যক উভতি ধৰিলে সৰভোগৰ CPIM বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷ ‘‘এয়া সংবিধান বিৰোধী কথা ৷ মুছলমানসকলে চৰৰ পানীৰ মাজত শস্য উৎপাদন কৰিছে বাবেই আমি খাবলৈ পাইছো ৷ মুছলমানসকলে পাচলি উৎপাদন নকৰিলে মুখ্যমন্ত্ৰীৰ পাকঘৰলৈকো পাচলি নগ'লহেঁতেন আৰু মুখ্যমন্ত্ৰীয়েও শুদা ভাত খাব লাগিলহেঁতেন ৷’’

বৰপেটাত শনিবাৰে মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ এই প্ৰতিক্ৰিয়া CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ৷ উজনিৰ ল’ৰা আহিলে গুৱাহাটী মিঞা মুক্ত কৰি দিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক উভতি ধৰি CPIMৰ বিধায়কগৰাকীৰ প্ৰতিক্ৰিয়া, ‘‘মিঞা শ্ৰমিকে যদি কাম নকৰে তেন্তে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই নিৰ্মাণ কৰি থকা উৰণীয়া সেঁতু, অট্টালিকা, ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কাম এঘন্টাতে স্তব্ধ হৈ পৰিব ৷’’

মুখ্যমন্ত্ৰীয়ে উজনিৰ ল'ৰা কিয় বিচাৰিছে বুলিও প্ৰশ্ন সৰভোগৰ বিধায়কৰ ৷ তেওঁ কয়, ‘‘উজনিৰ ল'ৰাৰ পৰিৱৰ্তে তেওঁ নিজৰ ল'ৰাক লৈ আহি এবিঘা মাটিত বিলাহী খেতি কৰিবলৈ দিয়ক ৷ সেয়া কৰিলে দৃষ্টান্ত হৈ পৰিব আৰু অসমৰ ল’ৰায়ো আলু, জিকা, ভোল, বিলাহীৰ খেতি কৰিবলৈ লাগি যাব ৷ দৃষ্টান্ত স্থাপন কৰিব লাগিব ৷’’

‘‘তেওঁৰ (মুখ্যমন্ত্ৰীৰ) ল’ৰা কোম্পানীৰ মালিক হ’ব আৰু অসমৰ ল’ৰাই মিঞাৰ লগত যুদ্ধ কৰিব, দলং বান্ধিব ; সেইটো সম্ভৱ নেকি ৷ চাদখন ঢালাই কৰিব লাগিলেও আমি বৰপেটাতো মিঞা শ্ৰমিকেই আনিব লাগিব ৷ ঈদৰ দিনা বজাৰ বন্ধ হৈ যায় ৷ এই বাস্তৱতা মানিব লাগিব ৷ মুখ্যমন্ত্ৰীয়ে সকলো জানিও এনে সাম্প্ৰদায়িক মন্তব্য কৰিছে ৷ এনে কথা বতৰা মন্ত্ৰীৰ মুখত শোভা নাপায় ৷’’ বিধায়কগৰাকীয়ে কয় ৷ এয়া অগণতান্ত্ৰিক, অসাংবিধানিক বুলিও মন্তব্য কৰে বিধায়ক মনোৰঞ্জন তালুকদাৰে ৷

লগতে পঢ়ক: Himanta Biswa Sarma: আজমলৰ ইতিকিঙক অসমীয়া মানুহে অপমান হিচাপে ল'ব লাগে; মুখ্যমন্ত্রী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.