ETV Bharat / state

পল্লা নৈত সন্ধানহীন কিশোৰীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Jun 11, 2021, 10:46 PM IST

বৰপেটাত সন্ধানহীন হোৱা কিশোৰীৰ মৃতদেহ উদ্ধাৰ ৷ বৃহস্পতিবাৰে দুপৰীয়া ভাগত দলঙৰ পৰা পৰি পল্লা নৈ (polla river)ত সন্ধানহীন হৈছিল 15 বছৰীয়া কিশোৰীগৰাকী ৷ ঘটনা সন্দৰ্ভত বৰপেটাত শোকৰ ছাঁ ৷

girl-dead-body-rescued
কিশোৰীৰ মৃতদেহ উদ্ধাৰ

বৰপেটা,11 জুন : বৰপেটাৰ দঙৰকুছিত শুকুৰবাৰে পল্লা নৈ (polla river)ত সন্ধানহীন হোৱা ৰিয়া মালাকাৰ নামৰ কিশোৰীগৰাকী মৃত অৱস্থাত উদ্ধাৰ হয় ৷ নৈৰ পানীত ওপঙি থকা অৱস্থাত একাংশ স্থানীয় লোকে উদ্ধাৰ কৰে কিশোৰীগৰাকীৰ মৃতদেহ ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে দুপৰীয়া ভাগত দলঙৰ পৰা পৰি নৈত সন্ধানহীন হৈছিল 15 বছৰীয়া কিশোৰীগৰাকী ৷ বৰপেটাৰ সোণকুছি কলনীৰ নিৱাসী মৃত কিশোৰীগৰাকী এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল ৷

মাহীয়েকৰ ঘৰৰ পৰা নিজ ঘৰলৈ গৈ থকা অৱস্থাত সংঘটিত হৈছিল এই কৰুণ ঘটনা ৷ কিশোৰীগৰাকীৰ সন্ধানহীন হোৱাৰ পাচৰে পৰা বৰপেটা আৰক্ষী (barpeta poilce) আৰু এচডিআৰএফ বাহিনী(SDRF)য়ে নামি পৰিছিল কিশোৰীগৰাকীৰ সন্ধানত ৷ অৱশেষত নৈত ওপঙি থকা মৃতদেহটো উদ্ধাৰ কৰি আৰক্ষীক চমজাই দিয়ে স্থানীয় লোকে ৷ ঘটনাক লৈ গভীৰ শোকৰ ছাঁ পৰিছে সমগ্ৰ বৰপেটা চহৰত ৷

লগতে পঢ়ক : Micro Finance Loan : কোনে কোনে লাভ কৰিব ঋণৰ ৰেহায়ৰ সুবিধা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.