বৰপেটাত বানত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান

author img

By

Published : Aug 20, 2022, 6:18 PM IST

Barpeta

ৰাজ্যজুৰি বানত ক্ষতিগ্ৰস্ত পৰিয়ালক চৰকাৰে সাহায্য প্ৰদান কৰে । শনিবাৰে এই সাহায্য প্ৰদানৰ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় (Government relief for flood affected people of Assam)। বৰপেটাত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বানপীড়িতসকলক সাহায্য প্ৰদান কৰে ।

বৰপেটা, ২০ আগষ্ট : অসম চৰকাৰে ৰাজ্যৰ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত সাহায্য বিতৰণ কৰে (Assam govt flood relief)। বিভিন্ন জিলাত কেবিনেট মন্ত্ৰীসকল উপস্থিত হৈ এই সাহায্য বিতৰণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে । বৰপেটাৰ বান ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত সাহায্য বিতৰণ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Minister Ranoj Pegu releases flood relief in Barpeta)৷ বৰপেটাৰ বানত সম্পূৰ্ণৰূপে ঘৰ বিনষ্ট হোৱা (Houses fully damaged in floods) ৩২৫ গৰাকী হিতাধিকাৰীক ৯৫ হাজাৰ ১০০ টকাৰ চেক প্ৰদান কৰে ৷

ইয়াৰোপৰি আংশিকভাৱে বানত ক্ষতিগ্ৰস্ত ১৭৯৩ গৰাকী হিতাধিকাৰী সাহায্যৰ চেক প্ৰদানৰ লগতে শিবিৰত থকা পৰিয়ালসমূহক কাপোৰ, বাচন আদি ক্ৰয় কৰাৰ বাবদ ৩৮০০ টকাৰ সাহায্য বিতৰণ কৰে ৷ একেদৰে বানত কিতাপ আদি নষ্ট হোৱা ৰাজ্যৰ ১ লাখ ছাত্ৰ-ছাত্ৰীলৈ ১ হাজাৰ টকাৰ সাহায্যও প্ৰদান কৰে ৷ বৰপেটাৰ জিলা পুথিভৰালত সাহায্য বিতৰণৰ মুকলি অনুষ্ঠানত অংশ লৈ ৰাজ্যত অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা কৰা বুলি বিৰোধীৰ অভিযোগ সন্দৰ্ভতো মন্তব্য কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷

বৰপেটাত বানত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ মতে বাঘ ওলাইছে, বাঘ ওলাইছে বুলি হুলস্থুল লগাই দি খৰিকটীয়াৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে বিৰোধীয়ে ৷ সহজ সৰল সাধাৰণ মানুহক বিৰোধীয়ে প্ৰতাৰণা কৰা বুলিও বিৰোধীক কটাক্ষ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ ৷ মন্ত্ৰীগৰাকীৰ মতে মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহক শক্তিশালী কৰিবৰ বাবেহে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৷

ইফালে বৰপেটা জিলাত বান ক্ষতিগ্ৰস্তৰ তালিকা প্ৰস্তুতৰ ক্ষেত্ৰত খেলিমেলি হোৱা বুলি উঠা অভিযোগৰ তদন্ত হ'ব বুলিও ঘোষণা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ এই সন্দৰ্ভত বিধায়ক শ্বেৰমান আলী আহমেদে মুখ্যমন্ত্ৰীলৈ তেওঁৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰাৰ কথাও তেওঁ উল্লেখ কৰে ৷ ইয়াৰ সমান্তৰালকৈ বিদ্যালয়ত নিয়মীয়াকৈ উপস্থিত নথকা শিক্ষকসকলৰ ওপৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰে ।

চৰকাৰৰ বিদ্যাঞ্জলি আঁচনিক লৈও মন্ত্ৰীগৰাকীয়ে নিজৰ মত প্ৰকাশ কৰে । উল্লেখ্য যে বছৰৰ দুটাকৈ বানত অসমৰ লাখ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে । সেয়েহে এই বানত ক্ষতিগ্ৰস্তসকলক সহায়ৰ বাবে সাহায্য প্ৰদানৰ জৰিয়তে চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বানত ক্ষতিগ্ৰস্ত লোকৰ বাবে সাহাৰ্য পুঁজি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.