ETV Bharat / state

বৰপেটাৰ ১২৪০ নং পূৱ সালেকুৰা প্ৰাথমিক বিদ্যালয়ত বন্ধ মধ্যাহ্ন ভোজন

author img

By

Published : Feb 16, 2021, 6:35 PM IST

বৰপেটাৰ ১২৪০ নং পূৱ সালেকুৰা প্ৰাথমিক বিদ্যালয়ত বন্ধ মধ্যাহ্ন ভোজন
বৰপেটাৰ ১২৪০ নং পূৱ সালেকুৰা প্ৰাথমিক বিদ্যালয়ত বন্ধ মধ্যাহ্ন ভোজন

বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ১২৪০ নং পূৱ সালেকুৰা প্ৰাথমিক বিদ্যালয়ত বিগত বছৰৰ লকডাউনৰ আগতেই দিয়া হৈছিল মধ্যাহ্ন ভোজন । প্ৰধান শিক্ষকৰ মইমতালিৰ বাবে বিদ্যালয় খোলাৰ পৰা শিক্ষাৰ্থীয়ে মধ্যাহ্ন ভোজন নোপোৱাৰ অভিযোগ উঠিছে ।

জনীয়া, ১৬ ফেব্ৰুৱাৰী: ৰাজ্যৰ একাংশ বিদ্যালয়ত এতিয়া মধ্যাহ্ন ভোজনৰ নামত এখন নাটক আৰম্ভ হৈছে । কোনোবাখন বিদ্যালয়ত যদি সপ্তাহত দুদিন দিয়ে মধ্যাহ্ন ভোজন একাংশত আকৌ এদিনৰ বাবেও ছাত্ৰ-ছাত্ৰীয়ে নাপাই মধ্যাহ্ন ভোজন । বৰপেটা জিলাৰ এখন প্ৰাথমিক বিদ্যালয়ত আকৌ কৰ'ণা মহামাৰীৰ বাবে দিয়া বিগত বছৰৰ লকডাউনৰ আগতেই দিয়া হৈছিল মধ্যাহ্ন ভোজন । কিন্তু বিদ্যালয় খোলাৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হৈ আছে এই ব্যৱস্থাৰ পৰা । বিদ্যালয় খন হৈছে বৰপেটা জিলাৰ মন্দিয়া শিক্ষা খণ্ডৰ অন্তৰ্গত ১২৪০ নং পূৱ সালেকুৰা প্ৰাথমিক বিদ্যালয় । মাত্ৰ তিনিগৰাকী শিক্ষক থকা এই বিদ্যালয়খনত বিভিন্ন অজুহাতত দীৰ্ঘদিন ধৰি দিয়া হোৱা নাই মধ্যাহ্ন ভোজন । কেৱল এয়াই নহয় বিদ্যালয়খনৰ প্ৰধান শিক্ষক সীমান্ত কুমাৰ ওঁজা কেতিয়াও সময়মতে বিদ্যালয় উপস্থিত নথকাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

বৰপেটাৰ ১২৪০ নং পূৱ সালেকুৰা প্ৰাথমিক বিদ্যালয়ত বন্ধ মধ্যাহ্ন ভোজন

ইফালে একাংশ লোকে জনোৱা মতে প্ৰধান শিক্ষক গৰাকীয়ে শিক্ষা বিভাগৰ শীৰ্ষ বিষয়ালৈও কোনো গুৰুত্ব নিদিয়ে । নিজৰ ইচ্ছা মতে বিদ্যালয়ত উপস্থিত থাকি বিদ্যালয় পৰিচালনা কৰা প্ৰধান শিক্ষকে এতিয়া শিক্ষাৰ্থীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে বুলিও অভিযোগ তুলিছে একাংশ লোকে ।

লগতে পঢ়ক:যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ আমগুৰি আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.