ETV Bharat / state

Mid day meal workers: কলগাছিয়াত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ বিক্ষোভ আন্দোলন

author img

By

Published : Mar 20, 2023, 10:03 PM IST

Mid day meal workers' protest
মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ আন্দোলন

কলগাছিয়াত মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে পাঁচ দফীয়া দাবীৰ ভিত্তিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (Mid day meal workers protest ) । দাবী পূৰণ নহ’লে অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰীক ৷

মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ আন্দোলন

জনিয়া, 20 মাৰ্চ : কলগাছিয়াত ৰূপসী প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উদ্যোগত সোমবাৰে ৰন্ধন কৰ্মীসকলে পাঁচ দফীয়া দাবীৰ ভিত্তিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । ৰন্ধনকৰ্মী সকলে আঁচনি অক্ষয় পাত্ৰক দিয়াৰ বিৰুদ্ধে, মাননি ১২ মাহৰ বাবে নিয়মীয়াকৈ প্ৰদান কৰা, মাননি বৃদ্ধি কৰা, কাম হেৰুৱা ৰন্ধন কৰ্মীক তিনি লাখ টকাৰ সাহাৰ্য দিয়া আৰু সামাজিক সুৰক্ষা দিয়া আদি পাঁচ দফীয়া দাবীৰ ভিত্তিত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (Mid day meal workers protest at Kalgachia) ।

আন্দোলনকাৰীসকলে কলগাছিয়া চাৰিআলিৰ পৰা সমদল কৰি ৰূপসী প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি শিক্ষা বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰে । সম্প্ৰতি যোৱা ১৬ ফেব্ৰুৱাৰীত শিক্ষামন্ত্ৰীয়ে মধ্যাহ্ন ভোজন আঁচনিখন অক্ষয় পাত্ৰ ফাউণ্ডেচনক গতাই দিয়াৰ ঘোষণা কৰিছে । চৰকাৰৰ এই সিদ্ধান্তৰ তেওঁলোকে তীব্ৰ বিৰোধিতা কৰে । চৰকাৰে এই ঘোষণা কাৰ্যকৰী কৰিলে শিক্ষাৰ্থী শিশু সকল সদ্যপ্ৰস্তুত পুষ্টিকৰ দুপৰীয়া আহাৰৰ পৰা বঞ্চিত হোৱাৰ লগতে ৰন্ধনকৰ্মী সকলৰ এই সামান্য মাননি কামটোৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব ।

চৰকাৰে বছৰটোৰ ১০ মাহৰ বাবেহে মাহিলি ১৫০০ টকাকৈ মাননি দিয়ে । অত্যন্ত দুৰ্ভাগ্যজনক কথাটো হ’ল যে এই সামান্য মাননিখিনিও চৰকাৰে নিয়মীয়াকৈ প্ৰদান নকৰে বুলি জানিব দিছে তেওঁলোকে । এই ধনখিনি আদায় কৰিবলৈ আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব লাগে বুলিও উল্লেখ কৰে আন্দোলনকাৰীয়ে (Mid day meal workers protest ) । উল্লেখযোগ্য যে, চৰকাৰে ধাৰাবাহিভাৱে বিদ্যালয় সমূহ একত্ৰীকৰণ কৰি থকাৰ ফলস্বৰূপে ২০০৫ চনৰ পৰাই মধ্যাহ্ন ভোজন আচঁনিখন ৰূপায়ণত ৰন্ধনকৰ্মী সকলৰ বুজন অংশই কাম হেৰুৱাইছে আৰু শুদাহাতে কামটোৰ পৰা বিদায় ল’বলগীয়া হৈছে ।

মন কৰিবলগীয়া যে, অসম বিধান সভাৰ চলিত বাজেট অধিবেশনত উত্থাপন কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট প্ৰস্তাৱত ৰন্ধনকৰ্মীৰ মাননি বৃদ্ধি সন্দৰ্ভত কোনো কথাই উত্থাপন কৰা হোৱা নাই । আনকি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে অৰুণোদয় আচঁনিত ৰন্ধনকৰ্মীসকলকো অন্তৰ্ভুক্ত কৰাৰ বাবে বিবেচনা কৰিব বুলি দিয়া প্ৰতিশ্ৰুতিও বাজেটত উত্থাপন কৰা হোৱা নাই । সেয়েহে পাঁচ দফীয়া দাবী পূৰণ নকৰিলে অনাগত দিনত ক্ষোভিত ৰন্ধনকৰ্মী সকলে জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি হুংকাৰ দিয়ে ।

লগতে পঢ়ক : Honesty of a E rickshaw driver: নগাঁৱৰ এজন ই ৰিক্সা চালকে দিলে সততাৰ পৰিচয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.