ETV Bharat / state

Erosion in Kalgachia: খহনীয়াত জাহ যোৱাৰ উপক্ৰম দুমহলীয়া মছজিদ

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 1:45 PM IST

কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত বেকী নৈৰ প্ৰবল গৰাখহনীয়াত জাহ যোৱাৰ পথত দুমহলীয়া পকী মছজিদ । চকুৰ সন্মুখতে জাহ গ’ল পকী পথ । জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ প্ৰতি আস্থা হেৰুৱাই গাঁঠিৰ ধন ভাঙি ৰাইজে ঘৰে ঘৰে গৈ গছ আৰু বাঁহ সংগ্ৰহ কৰি গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা ।

Mosque to be destroyed in erosion in Kalgachia
খহনীয়াত জাহ যোৱাৰ উপক্ৰম দুমহলীয়া মছজিদ

খহনীয়াত জাহ যোৱাৰ উপক্ৰম দুমহলীয়া মছজিদ

জনীয়া,১৭ ছেপ্টেম্বৰ: বানপানী আৰু গৰাখহনীয়া যেন জনীয়া সমষ্টিবাসীৰ বাবে অভিশপ্ত হৈ পৰিছে । বিগত এটা মাহত উচন হ’ল প্ৰায় ডেৰ শতাধিক পৰিয়ালৰ ভেটি-মাটি । প্ৰতিবছৰে বানপানী আৰু বেঁকী নৈৰ গৰাখহনীয়াই নৈপৰীয়া ৰাইজৰ সপোনৰ ঘৰ উচন কৰি পথৰ ভিক্ষাৰীলৈ পৰিণত কৰি আহিছে ।

জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বলাইপাথাৰ, কাউৰঝাহি গাঁৱত বেঁকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি চপৰা চপৰে খহাই নিছে ভেটি-মাটি । কিন্তু আজি পৰ্যন্ত চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতি আৰু আশ্বাসৰ প্ৰতি আস্থা হেৰুৱাই গাঁঠিৰ ধন ভাঙি ৰাইজে ঘৰে ঘৰে গৈ বাঁহ, গছ সংগ্ৰহ কৰি শ শ ৰাইজে গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ হাতে-কামে লাগিছে ।

সম্প্ৰতি বেঁকী নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে কোটিটকীয়া এটা দুমহলীয়া মছজিদ । সমান্তৰালভাৱে সম্পূৰ্ণৰূপে জাহ গৈছে এটা গড়কাপ্তানি পকী পথ । যাৰ বাবে শনিবাৰে বলাইপাথাৰৰ বেঁকী নদীৰ পাৰত ৰাইজে হাতে-কামে ব্যস্ত হৈ পৰিছে পাৰ্কুপাইন নিৰ্মাণৰ কামত । যিকোনো প্ৰকাৰে মছজিদটো ৰক্ষা কৰাৰ চেষ্টা চলাইছে নৈপৰীয়া ৰাইজে ।

উল্লেখযোগ্য যে, স্থানীয় বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ লগতে বৰপেটাৰ সাংসদ আব্দুল খালেকক এই বিষয়ে বাৰে বাৰে অৱগত কৰিছে যদিও কোনো গুৰুত্ব দিয়া নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । সেয়ে অতিশীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ দাবী জনাইছে ৰাইজে । লগতে খহনীয়াগ্রস্ত লোকক ক্ষতিপূৰণৰ দাবী জনোৱাৰ লগতে গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰো দাবী জনায় ভুক্তভোগী ৰাইজে ।

পিছে দুৰ্ভগীয়া ৰাইজৰ আহ্বান শুনিবনে চৰকাৰে ? নে বছৰৰ পাছত বছৰ ধৰি লাঞ্চিত হৈ এইদৰে জীৱনৰ ভাবুকি লৈ নিজৰ সপোনৰ হেৰুৱাই দিন কটাব লাগিব নৈপৰীয়া ৰাইজে ? সেয়া বৰ্তমান সময়ত এক ডাঙৰ প্ৰশ্ন হৈ ঠিয় দিছে ।

লগতে পঢ়ক: Amrit Brikhshy Andolan: 1 কোটি গছপুলি ৰোপনৰ লক্ষ্যৰে আজিৰে পৰা ৰাজ্যত ‘‘অমৃত বৃক্ষ আন্দোলন’’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.