ETV Bharat / state

মাওবাদীৰ আক্ৰমণত শ্বহীদ হ’ল দিলীপ কুমাৰ দাস

author img

By

Published : Apr 5, 2021, 5:24 PM IST

মাওবাদীৰ সৈতে যুঁজ দি শ্বহীদ হ’ল বজালীৰ ভাৰেগাঁৱৰ জোৱান দিলীপ কুমাৰ দাস । ছত্তিশগড়ত শ্বহীদ হোৱা অসম সন্তান গৰাকীৰ নশ্বৰদেহ মংগলবাৰে অসম আহি পাবহি ৷

মাওবাদীৰ আক্ৰমণত শ্বহীদ হ’ল দিলীপ কুমাৰ দাস
মাওবাদীৰ আক্ৰমণত শ্বহীদ হ’ল দিলীপ কুমাৰ দাস

বজালী, 5এপ্ৰিল: অস্ত গ’ল এক প্ৰভাতি সূৰুজৰ ৷ মাওবাদীৰ সৈতে যুঁজ দি শ্বহীদ হ’ল বজালীৰ ভাৰেগাঁৱৰ জোৱান দিলীপ কুমাৰ দাস ।

চকুত হাজাৰ সপোন লৈ 2001চনৰ মাৰ্চ মাহত বজালীৰ ভাৰেগাঁৱৰ পৰা দেশমাতৃৰ সেৱাৰ হকে ওলাই আহিছিল শ্বহীদ দিলীপ কুমাৰ দাসে । কিন্তু নিয়তিৰ কি যে পৰিহাস ! ছত্তিশগড়ত সেনা-মাওবাদীৰ সৈতে হোৱা সংৰ্ঘষত 2 এপ্ৰিলত দেশমাতৃৰ হকে প্ৰাণ আহুতি দিলে ভাৰেগাঁৱৰ জোৱান দিলীপ কুমাৰ দাসে ৷

মাওবাদীৰ আক্ৰমণত শ্বহীদ হ’ল দিলীপ কুমাৰ দাস

কৰ্মসূত্ৰে ছত্তিশগড়ত থকা শ্বহীদ দিলীপ কুমাৰ দাসে এৰি থৈ যায় মাতৃ মইনা দাস, পিতৃ বনমালী দাস, পত্নী প্ৰাঞ্জলী দাস(পপী), দুজনী কন্যা সন্তানসহ তেওঁৰ ডাঙৰ আৰু সৰু ভায়েকক ৷ পৰিয়ালৰ লোকে জনোৱা অনুসৰি, বিগত ১৭ মাৰ্চত অন্তিম বাৰৰ বাবে ঘৰলৈ আহিছিল যদিও ১৯ মাৰ্চত পুনৰ কৰ্মক্ষেত্ৰলৈ ৰাওনা হৈছিল শ্বহীদ দিলীপ কুমাৰ দাস ৷ ছত্তীশগড়ত শ্বহীদ হোৱা অসম সন্তান গৰাকীৰ নশ্বৰদেহ মংগলবাৰে অসম আহি পাবহি ৷

লগতে পঢ়ক: পঞ্চভূতত বিলীন বীৰ শ্বহীদ বাবলু ৰাভাৰ নশ্বৰ দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.