ETV Bharat / state

Kalgachia Ambulance accident: পুৱতি নিশা কলগাছিয়াত এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত; আহত এম্বুলেন্সৰ চালক

author img

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 12:04 PM IST

দেওবাৰে পুৱতি নিশা কলগাছিয়াৰ ক্ষুদ্ৰকুচিত সংঘটিত হৈছে এক অঘটন ৷ দুৰ্ঘটনাত পতিত হৈছে এখন এম্বুলেন্স । এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন লোক । তেলেংগানাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই এম্বুলেন্সখন দুৰ্ঘটনাত পতিত হোৱা বুলি আশংকা কৰা হৈছে ।

Man injured in a Ambulance crashes at Kalgachia
দুৰ্ঘটনাত পতিত হৈছে এখন এম্বুলেন্স

নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰি যায় এখন এম্বুলেন্স

জনিয়া, 17 ছেপ্টেম্বৰ : কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰকুচি গাঁৱত দেওবাৰে পুৱতি নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা । স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰি যায় এখন এম্বুলেন্স ৷ এই এম্বুলেন্স দুৰ্ঘটনাৰ ফলত এজন লোক গুৰুতভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্সখনৰ নম্বৰ হ’ল TS 07 UM 7054 ৷

বিৱৰণি অনুসৰি, তেলেংগানাৰ পৰা গুৱাহাটীলৈ ৰোগী লৈ গৈ আছিল TS 07 UM 7054 নম্বৰৰ এখন এম্বুলেন্স ৷ দেওবাৰে পুৱতি নিশা এম্বুলেন্স চালকজনে 2নং বিকল্প ৰাজ্যিক ঘাইপথৰ ক্ষুদ্ৰকুচি অংশত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে ।

দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্সখনত দুজন চালক আছিল যদিও এজন চালকহে গুৰুত্বৰভাৱে আহত হয় ৷ আনজন চালক সামান্য পৰিমাণে আহত হয় বুলি জানিব পৰা গৈছে ৷ পৰৱৰ্তী পৰ্যায়ত স্থানীয় লোকৰ তৎপৰতাত আহত চালকজনক দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ পৰা উদ্ধাৰ কৰি বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ।

ইফালে উক্ত ঘটনাৰ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত ৷ এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ । 2 নং ৰাজ্যিক ঘাইপথৰ ক্ষুদ্ৰকুচি অংশত প্ৰায়েই এনেধৰণৰ সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

আনহাতে, জনীয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামৰ চৰম গাফিলতিৰ বাবেই উক্ত ৰাজ্যিক ঘাইপথছোৱাৰ কাম সম্পূৰ্ণ নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ যাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে বুলি স্থানীয় ৰাইজে বিধায়কগৰাকীক দোষাৰোপ কৰিছে ।

লগতে পঢ়ক : Timber smuggler shot by foresters : ঝাৰবাৰীত বনকৰ্মীৰ গুলীত নিহত কাঠৰ চোৰাং সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.