ETV Bharat / state

জনিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

author img

By

Published : Jul 10, 2020, 6:35 PM IST

অখিল গগৈৰ লগতে ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল কৰ'ণাত আক্ৰান্ত হোৱাৰ খবৰ প্ৰচাৰ হোৱাৰ পাচতে, সমগ্ৰ ৰাজ্যতে কাৰাবন্দী কৃষকনেতা গৰাকীৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় ৷

KMSS Protest
কৃষক মুক্তিৰ প্ৰতিবাদ

জনিয়া, 10 জুলাই : "অখিল গগৈয়ে নিৰ্বাচন খেলাৰ ভয়ত বিজেপি চৰকাৰখনে তেওঁক কাৰাবন্দী কৰি ৰাখিছে" এই মন্তব্য লাংলা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ ৷ শুকুৰবাৰে বিজেপি চৰকাৰৰ বিৰোধিতা কৰি অখিল গগৈ, ধৈৰ্য কোঁৱৰ , বিতু সোণোৱাল আৰু মানস কোঁৱৰক মুক্তি দিয়াৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে লাংলা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷

লগতে পঢ়কঃ অখিল গগৈৰ মুক্তিৰ দাবীত খিলঞ্জীয়া সংগ্ৰামী ঐক্য মঞ্চৰ প্ৰতিবাদ

ইয়াৰোপৰি কাৰাবন্দী নেতাকেইজনৰ উন্নত চিকিৎসা প্ৰদানৰ দাবীৰ লগতে, তেওঁলোকৰ আশু আৰোগ্য কামনা কৰে চেনীমাৰী কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।লাংলা আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখলৰ জৰিয়তে অসম চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ সমান্তৰালভাৱে বিক্ষোভ প্ৰদৰ্শন কৰি ফেচিবাদী বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰি অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী উত্থাপন কৰে।

জনিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

উল্লেখযোগ্য যে, বিগত কেবাদিনৰ পৰা কৰ'ণাৰ লক্ষণে দেখা দিয়াৰ পিচতো কাৰাগাৰ কৰ্তৃপক্ষ বা চৰকাৰে অখিল গগৈক কোনো ধৰণৰ চিকিত্‍সাৰ ব্যৱস্থা কৰা নাছিল বুলি অভিযোগ উত্থাপন কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে । কাৰাগাৰত কৰ'ণা প্ৰতিৰোধৰ ব্যৱস্থা নথকাৰো অভিযোগ প্ৰতিবাদকাৰীৰ ৷ উল্লেখ্য যে CAA বিৰোধী আন্দোলনৰ পিচৰে পৰা প্ৰায় ২০০ৰো অধিক দিন কাৰাৰুদ্ধ হৈ আছে অখিল গগৈৰ লগতে কেইবাজনো সতীৰ্থ। সেয়ে শীঘ্ৰে কাৰাবন্দী নেতা কেইজনক মুক্তিৰ দাবী কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.