ETV Bharat / state

চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা বোৱাৰীক

author img

By

Published : Oct 1, 2021, 10:51 PM IST

kalgasia-women-murder
চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা বোৱাৰীক

দুৰ্বিত্তই চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যাৰ চেষ্টা কৰা বোৱাৰীৰ মৃত্যু । বৃহস্পতিবাৰে, নিশা চান্দমামা মডেল হাস্পতালত মৃত্যু হয় কুলছুমা খাতুন নামৰ বোৱাৰী গৰাকীৰ। বুধবাৰে ৰাতিপুৱা ফজৰৰ নামাজৰ বাবে আজু কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হৈছিল এই ঘটনা । চাৰিজনৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল ।

জনিয়া, 1 অক্টোবৰ : বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত চান্দমামা গাঁৱত বুধবাৰে দুৰ্বৃত্তই মুখত সোপা দি ঘৰৰ পৰা বলপূৰ্বক উঠাই নি চোকা অস্ত্ৰৰে ডিঙি ৰেপি থৈ যোৱা কুলছুমা খাতুন নামৰ এগৰাকী বোৱাৰীৰ বৃহস্পতিবাৰে নিশা মৃত্যু হোৱা ঘটনাই অঞ্চলব্যাপী চাঞ্চল্যৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, বুধবাৰে ৰাতিপুৱা কুলছুমা খাতুনে স্বামী গৃহত ঘৰৰ পৰা বাহিৰলৈ যাওতেই পিছফালৰ পৰা কাপোৰেৰে চকু মুখ আৰু হাত বান্ধি কিছু আঁতৰত নি চোকা অস্ত্ৰেৰে ডিঙি কাটি পুখুৰীত পেলাই দিয়ে দুৰ্বৃত্তই ।

চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা বোৱাৰীক

পিছত কোনোমতে মুখৰ কাপোৰ খুলি মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত ৰাইজে উদ্ধাৰ কৰি চান্দমামা মডেল হাস্পতালত ভৰ্ত্তি কৰে যদিও কুলছুমাক উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় । পিছত বৰপেটা মেডিকেল কলেজৰ পৰা আনি পুনৰ চান্দমামা মডেল হাস্পতালত ভৰ্ত্তি কৰাৰ পিছত বৃহস্পতিবাৰে নিশা কুলছুমা খাতুনৰ মৃত্যু হয় । এই সন্দৰ্ভত সম্প্ৰতি চাৰিজন লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, বৰভিঠা গাঁৱৰ আবুল হুছেইনৰ কন্যা কুলছুমা খাতুনৰ সামাজিক নীতি-নিয়ম অনুসৰি চান্দমামা গাঁৱৰ কেৰামত আলীৰ পুত্ৰ আব্দুল আউয়ালৰ লগত বিয়া হৈছিল। বিয়াৰ পিছৰে পৰাই কুলছুমা খাতুনক স্বামী আৰু স্বামী গৃহৰ লোকে মানসিক নিৰ্যাতন চলাই আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে পিতৃ গৃহৰ লোকে । কুলছুমাৰ আত্মীয় তথা ৰাইজে আৰক্ষীক এই বিষয়ে অতি সোনকালে তদন্ত কৰি দোষীক শাস্তিৰ আহ্বান জনায় ।
লগতে পঢ়ক : উপ-নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰস্তাৱ এজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.