ETV Bharat / state

কলগাছিয়াৰ বালাগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Feb 6, 2021, 10:43 PM IST

as_Kalgachia_massive_fire_img_asc10058
কলগাছিয়াৰ বালাগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডটোত আতোৱাৰ ৰহমানৰ বাসগৃহটো সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ সম্পূৰ্ণৰূপে ভষ্মীভুত হয় ।

জনীয়া, ৬ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাগাঁৱত শনিবাৰে আবেলি সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । ঘটনা অনুসৰি, আতোৱাৰ ৰহমান নামৰ লোকজনৰ ঘৰত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত ঘটি এই অগ্নিকাণ্ডটো সংঘটিত হয় । ফলত আতোৱাৰ ৰহমান নামৰ লোকজনৰ বাসগৃহটো সম্পূৰ্ণৰূপে জুইত জাহ যোৱাৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ সম্পূৰ্ণৰূপে ভষ্মীভুত হয় । ইয়াৰোপৰি অগ্নিকাণ্ডটোত মুঠ লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভুত হোৱা বুলি জানিব পৰা গৈছে।

কলগাছিয়াৰ বালাগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

ঘটনাটো সংঘটিত হোৱাৰ লগে লগে কলগাছিয়া অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্ত অব্যাহত আছে ।

কলগাছিয়াৰ বালাগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড

লগতে পঢ়ক:ইকো-টুৰিজিম সংবৰ্ধনৰ লক্ষ্যৰে মুকলি "প্ৰজেক্ট যাযাবৰ"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.