ETV Bharat / state

কলগাছিয়াত ভয়ংকৰ অগ্নিকাণ্ড

author img

By

Published : Jul 10, 2020, 9:47 AM IST

অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে বেকাৰীৰ কাষতে থকা মফিদুল ইছলামৰ দুটা বাসগৃহ ।

Kalgachia Fire Incident
কলগাছিয়াত ভয়ংকৰ অগ্নিকাণ্ড

বৰপেটা, 10 জুলাই : বৰপেটাৰ কলগাছিয়াত শুকুৰবাৰে পুৱতি নিশা সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত হয় দুই পৰিয়ালৰ তিনিটা বাসগৃহ । জুইত জাহ যায় নগদ ধনসহ প্ৰায় ২২ লাখ টকাৰ সম্পত্তি ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱা সন্দেহ ক্ষতিগ্ৰস্ত পৰিয়ালৰ ৷

কলগাছিয়াত ভয়ংকৰ অগ্নিকাণ্ড

কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ৰ কাষৰ ছহিদুল ইছলাম নামৰ লোকজনৰ ৰূপসী ব্ৰেড এণ্ড বিস্কুট বেকাৰীত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত সম্পূৰ্ণ বেকাৰীখনৰ লগতে এটা ডিজি,স্পাইৰো মেচিন, মিক্সাৰ মেচিন, ছুগাৰ গ্ৰান্টাৰ মেচিনসহ আচবাব নথি পত্ৰ ভস্মীভূত হয় । বেকাৰীটোত থকা নগদ প্ৰায় চল্লিশ হাজাৰ টকাসহ ২২ লক্ষাধিক টকাৰ সম্পত্তি অগ্নিকাণ্ডত ক্ষতি হয় । অগ্নিকাণ্ডৰ পৰা কথমপি ৰক্ষা পৰে বেকাৰীৰ কাষতে থকা মফিদুল ইছলামৰ দুটা বাসগৃহ ।

লগতে পঢ়ক : উত্তৰাখণ্ডত নিষিদ্ধ চীনা সামগ্ৰী : ত্ৰিবেন্দ্ৰ সিঙ ৰাৱত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.