ETV Bharat / state

Domestic violence: নামাজ পঢ়ি থাকোঁতে শাহুৱেকক আক্ৰমণ বোৱাৰীৰ

author img

By

Published : Jun 23, 2023, 9:09 PM IST

Updated : Jun 23, 2023, 9:22 PM IST

Domestic violence
নামাজ পঢ়ি থাকোঁতে শাহুৱেক আক্ৰমণ বোৱাৰীৰ

বোৱাৰীৰ আক্ৰমণত আহত শাহু ৷ কাঠৰ টুকুৰাৰে আক্ৰমণ শাহুৱেক ৷ নামাজ পঢ়ি থকাৰ সময়তে বোৱাৰীয়েকে আক্ৰমণ কৰিলে শাহুৱেকক ৷ আহত শাহুৱেকক বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি ৷

নামাজ পঢ়ি থাকোঁতে শাহুৱেক আক্ৰমণ বোৱাৰীৰ

বৰপেটা,23 জুন: এইবাৰ বোৱাৰী নহয় আক্ৰমণৰ বলি এগৰাকী শাহুৱেক ৷ কলগাছিয়াৰ বাহাৰ বজাৰত সংঘটিত হয় এই ঘটনা ৷ ‘মোক বিভিন্ন কথাৰে গালি পাৰি আছিল ৷ উভতি ধৰাত মোক প্ৰথমে আক্ৰমণ কৰিছিল শাহুৱে ৷ সেই কাৰণে মই কাঠৰ টুকুৰাৰে মাৰিলো ৷ নামাজ পঢ়ি থকা নাছিল ৷ মই মৰাৰ পিচতহে কোৰাণখন হাতত লৈছিল ৷ ’ এই বিস্ফোৰক স্বীকাৰোক্তি এগৰাকী বোৱাৰীৰ ৷

জানিব পৰা মতে আমগুৰি বাহাৰ বজাৰৰ উছমান গণিৰ পুত্ৰ নুৰ নবীয়ে ৬ মাহ পূৰ্বে বৰপেটাৰ কয়াকুচিৰ পৰা পলুৱাই বিয়া পাতি আনিছিল ইয়াছমিনা খাতুনক । কিন্তু আজি হঠাৎ ইয়াছমিনা খাতুনে শাহু জৰিনা খাতুনক নামাজ পঢ়ি থকা অৱস্থাত পিছফালৰ পৰা কাঠৰ টুকুৰাৰে আক্ৰমণ কৰে ৷ বোৱাৰী গৰাকীৰ আক্ৰমণত আহত হয় শাহুৱেক জৰিনা খাতুন ৷

‘ঘৰত একো লগা নাই ৷ মই ঘৰত নাছিলো ৷ ঘৰত সৰু ল’ৰা এটা আছিল ৷ তাক দোকানৰ পৰা কিবা আনিবলৈ পঠিয়াই নামাজ পঢ়ি থকাৰ সময়ত পিছফালৰ পৰা আক্ৰমণ কৰিছিল ৷’ এই মন্তব্য় আহত জৰিনা খাতুনৰ স্বামীৰ ৷

ইপিনে আন এজন আত্মীয়ই বোৱাৰীজনীক মাৰপিট কৰাৰ কথা সোধাত আত্মীয়জনকো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে আত্মীয়ই ৷ ইফালে আহত জৰিনা খাতুনক আত্মীয় আৰু ৰাইজৰ তৎপৰতাত বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ আহত জৰিনা খাতুনৰ অৱস্থা বৰ্তমান অতি সংকটজনক বুলি জানিব পৰা গৈছে ।

পৰবৰ্তী সময়ত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ আক্ৰমণকাৰী ইয়াছমিনা খাতুনক থানালৈ লৈ যায় ৷

লগতে পঢ়ক:Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত নকৰে; পলাশ চাংমাই

Last Updated :Jun 23, 2023, 9:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.