ETV Bharat / state

স্বামীৰ বিয়া : স্বামী গৃহৰ চোতালত চিনাকী দিলেহি প্ৰথমা পত্নীয়ে

author img

By

Published : Oct 11, 2019, 12:02 PM IST

মহম্মদপুৰ গাঁৱত বৃহস্পতিবাৰে নিশা আতচবাজীৰ বৰষুণ ৷ উক্ত গাঁৱৰে অৱসৰপ্ৰাপ্ত শিক্ষক জালাল উদ্দিন আহমেদৰ একমাত্ৰ পুত্ৰ মোৱাজ্জেম হুছেইনে 4 বছৰে এগৰাকী যুৱতীৰ লগত চলি থকা প্ৰেমৰ সম্পৰ্কৰ পিচত চলিত বৰ্ষৰ ১৬ ছেপ্টেম্বৰত আইনী প্ৰক্ৰিয়াৰ দ্বাৰা মোৱাজ্জেম হুছেইনে প্ৰেমিকাক পত্নী হিচাপে স্ৱীকৃতি দিয়ে।

প্ৰেমৰ নামত প্ৰতাৰনা

জনিয়া, 11 অক্টোবৰঃ দিপাৱলীৰ বাবে নহয় এগৰাকী মহিলাক পত্নী মৰ্যদা নিদিয়াৰ ফলত বৰপেটা সদৰ আৰক্ষী থানাৰ এলেকাধীন মহম্মদপুৰ গাঁৱত বৃহস্পতিবাৰে নিশা আতচবাজীৰ বৰষুণ ৷ ভুক্তভোগী যুৱতীৰ অভিযোগ অনুসৰি, উক্ত গাঁৱৰে অৱসৰপ্ৰাপ্ত শিক্ষক জালাল উদ্দিন আহমেদৰ একমাত্ৰ পুত্ৰ মোৱাজ্জেম হুছেইনে 4 বছৰে এগৰাকী যুৱতীৰ লগত চলি থকা প্ৰেমৰ সম্পৰ্কৰ পাচত চলিত বৰ্ষৰ ১৬ ছেপ্টেম্বৰত আইনী প্ৰক্ৰিয়াৰ দ্বাৰা মোৱাজ্জেম হুছেইনে প্ৰেমিকাক পত্নী হিচাপে স্ৱীকৃতি দিয়ে। ইয়াৰোপৰি নিকাহ পঢ়াই ইছলাম ধৰ্মৰ নীতি-নিয়ম অনুসৰিও যুৱতীগৰাকীক পত্নীৰ মৰ্যদা প্ৰদান কৰে মোৱাজ্জেম হুছেইনে।

বিয়াৰ প্ৰলোভনেৰে প্ৰেমিকৰ প্ৰতাৰণা

উল্লেখ্য যে, মোৱাজ্জেমে বিয়াৰ পাচত পত্নীক ঘৰলৈ অনা নাছিল যদিও হোটেলত পত্নীৰ স'তে নৈশ যাপন কৰিছিল । কিন্তু হঠাতে পত্নীয়ে স্বামীৰ অন্য যুৱতীৰ স'তে বিবাহৰ যো-জা চলাৰ কথা জানিবলৈ পায় বৃহস্পতিবাৰে নিশা স্বামী গৃহত উপস্থিত হয় ৷ স্বামী গৃহত উপস্থিত হোৱাৰ পাচতে মোৱাজ্জেমৰ মাক, ভনীয়েক আৰু জোঁৱায়েকে মহিলাগৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ কৰি নিশা গেটৰ বাহিৰত ওলাই দিয়াৰ অভিযোগ উত্থাপন মোৱাজ্জেমৰ পত্নীয়ে ৷

পাচত মোৱাজ্জেমৰ পত্নীৰ কন্দোন শুনি শতাধিক গাঁৱৰ ৰাইজ উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ মোৱাজ্জেম আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও ভুক্তভোগী মহিলাগৰাকীক ন্যায় দিয়াৰ দাবী উত্থাপন কৰে ৰাইজে । উল্লেখ্য যে ওচৰ চুবুৰীয়াৰ লগত কোনো সম্পৰ্ক নৰখা অৱসৰপ্ৰাপ্ত শিক্ষক জালল উদ্দিনৰ পৰিয়ালে মহিলাগৰাকীৰ স'তে এনে ঘটনা সংঘটিত কৰাৰ বাবে একাংশ যুৱকে আতচবাজী ফুটাই ঘটনাৰ বিৰোধিতা কৰে ৷

Intro:slug: as_jania_11oct_jania_fraud_love_vis2+byt2+pho1_spl_pkg_story_asc10058

Anchor: প্ৰেমৰ পৰিণতি। মাজনিশা ৰাজ আলিত প্ৰেমিকাৰ কৰুণ বিননি। গাত শাৰীৰিক প্ৰহাৰৰ চিন দুৰ্ভগীয়া প্ৰেমীকাৰ।Body:slug: as_jania_11oct_jania_fraud_love_vis2+byt2+pho1_spl_pkg_story_asc10058

VO: বৰপেটা সদৰ আৰক্ষী থানাৰ এলেকাধীন মহম্মদপুৰ গাঁৱত এক প্ৰেম কাহিনীয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে। উক্ত গাঁৱৰে অৱসৰ প্ৰাপ্ত শিক্ষক জালাল উদ্দিন আহমেদৰ এক মাত্ৰ পুত্ৰ মোৱাজ্জেম হুছেইনে চাৰি বছৰ ধৰি কৰি আহিছিল প্ৰেম। চলিত বৰ্ষৰ ১৬ চেপ্টেম্বৰত আদালতত প্ৰেমীক মোৱাজ্জেম হুছেইনে প্ৰেমিকাক পত্নী হিচাপে গ্ৰহণ কৰে। তাৰোপৰি নিকা পঢ়াই ইছলাম ধৰ্মৰ নীতি-নিয়ম অনুসৰিও প্ৰেমীকা গৰাকীক পত্নীৰ মৰ্যদা প্ৰদান কৰে মকিবুল হুছেইনে। আৰু বিয়াৰ পাছত প্ৰেমীকাক ঘৰত অনা নাছিল যদিও প্ৰেমীকা গৰাকীৰ লগত বিভিন্ন হোটেলত নৈশ যাপন কৰে মোৱাজ্জেমে। কিন্তু হঠাত কালি প্ৰেমীকা গৰাকীয়ে আন এগৰাকী ছোৱালীৰ লগত মোৱাজ্জেমে বিয়া কৰাবলৈ প্ৰস্তুতি সম্পন্ন কৰাৰ বাতৰি পাই নিশা মোৱজ্জেমৰ ঘৰত উপস্থিত হয় প্ৰেমীকা। উপস্থিত হোৱাৰ পাছত মোৱাজ্জেমৰ মা, ভন্টি আৰু জোঁৱাইায়ে শাৰীৰিক প্ৰহাৰ কৰি নিশা গেটৰ বাহিৰত ওলাই দিয়াৰ পাছত প্ৰেমীকাৰ কন্দা শুনি শতাধিক গাঁৱৰ ৰাইজ উপস্থিত হৈ ঘটনাৰ বুজলয় আৰু প্ৰেমীক মোৱাজ্জেম আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি ভোক্তভোগী ছোৱালী জনীক ন্যায় দিয়াৰ দাবী উত্থাপন কৰিছে। উল্লেখ্য ওচৰ চুবুৰীয়াৰ কোনো সম্পৰ্ক নৰখা অৱসৰ প্ৰাপ্ত শিক্ষক জালল উদ্দিনৰ ঘৰত এনে ঘটনা সংঘটিত হোৱাত একাংশ যুৱকে আতচবাজী ফুটাই স্ফূৰ্ত কৰাও দেখা গৈছে আকৌ ৰাস্তাত ৰাইজক কোনোবাই ধৰিছে চাহৰ যোগান।Conclusion:slug: as_jania_11oct_jania_fraud_love_vis2+byt2+pho1_spl_pkg_story_asc10058

Byte: ভোক্তভোগী প্ৰেমীকা আৰু ৰাইজ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.