ETV Bharat / state

Ishan Uday Scam: ঈশান উদয় বৃত্তি কেলেংকাৰী সন্দৰ্ভত পুনৰ গ্ৰেপ্তাৰ আন এজন অধ্যক্ষ

author img

By

Published : Dec 31, 2022, 9:41 AM IST

ঈশান উদয় বৃত্তি কেলেংকাৰী সন্দৰ্ভত পুনৰ আৰক্ষীৰ জালত আন এজন অধ্যক্ষ ৷ বৃহস্পতিবাৰে বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে উত্তৰ বৰপেটা কলেজৰ অধ্যক্ষ ড৹ জাহেৰ আলীক ৷ অধ্যক্ষ ড৹ জাহেৰ আলীক শুকুৰবাৰে আদালতত হাজিৰ কৰাই চাৰিদিনৰ বাবে জিম্মাত লৈ সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে বৰপেটা আৰক্ষীয়ে ৷

Ishan Uday Scholarship Scam in Barpeta one more detained
ঈশান উদয় বৃত্তি কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ উত্তৰ বৰপেটা কলেজৰ অধ্যক্ষ

বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড৹ প্ৰদীপ শইকীয়াৰ সংবাদমেল

বৰপেটা, 31 ডিচেম্বৰ: দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা বুলি কৈ থকা বিজেপি চৰকাৰৰ দিনতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত সংঘটিত হৈছে এক বৃহৎ ছাত্ৰ বৃত্তি কেলেংকাৰী । উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ মেধা ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগ (UGC)য়ে ২০১৪ চনৰ পৰা ঈশান উদয় নামৰ এখন আঁচনিৰ জৰিয়তে কাৰিকৰী শিক্ষা গ্ৰহণ কৰাসকলক বছৰি ৭৮,০০০ টকা আৰু স্নাতক শিক্ষা গ্ৰহণ কৰাসকলক ৫৪,০০০ টকাকৈ ছাত্ৰ বৃত্তি প্ৰদান কৰি আহিছে (Barpeta Ishan Uday Scam) ।

এই আঁচনিৰ জৰিয়তে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী ইতিমধ্যে উপকৃত হৈছে । কিন্তু শেহতীয়াকৈ ২০২০-২০২১ বৰ্ষৰ ঈশান উদয় ছাত্ৰবৃত্তি আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে । উল্লেখ্য যে, বিশ্ববিদ্যালয় অনুদান আয়োগ (University Grants Commission) চমুকৈ UGC য়ে উত্তৰ-পূবৰ মেধা ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰি আহিছে জলপানি ৷ কিন্তু জলপানিৰ নামত অহা এই ধনৰ হৰলুকি কৰি আহিছে একাংশই ৷

Ishan Uday Scholarship Scam in Barpeta one more detained
ঈশান উদয় বৃত্তি কেলেংকাৰী সন্দৰ্ভত গ্ৰেপ্তাৰ উত্তৰ বৰপেটা কলেজৰ অধ্যক্ষ

অসাধু চক্ৰৰ সৈতে এই কেলেংকাৰীত নাম সাঙুৰ খাই পৰিছে ৰাজ্যৰ বহুকেইখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে মহাবিদ্যালয় কৰ্তৃপক্ষৰ (Ishan Uday Scholarship Scam) ৷ মহবিদ্যালয়সমূহৰ OTP ব্যৱহাৰ কৰি ভুৱাভাৱে ছাত্ৰ-ছাত্ৰীৰ নাম ভৰাই অসাধু চক্ৰটোৱে মোকলাই নিছে মেধা বৃত্তিৰ নামত অহা কোটি কোটি টকা (Ishan Uday Scam in Assam) ৷

উল্লেখ্য যে, উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বছৰত প্ৰদান কৰা হয় স্ক’লাৰশ্বিপ ৷ একেদৰে কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ৰ অধীনত ৰাজ্যখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ মেধা ছাত্ৰ-ছাত্ৰীসকলক ৰাজ্যৰ বাহিৰৰ একাংশ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়ায় মেধা ভিত্তিক স্ক’লাৰশ্বিপ ৷ কিন্তু এই স্ক’লাৰশ্বিপত এতিয়া শেনচকু অসাধু চক্ৰৰ ৷

শুকুৰবাৰে বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড৹ প্ৰদীপ শইকীয়াই (Barpeta ASP Pradeep Saikia Press meet) ঈশান উদয় স্ক’লাৰশ্বিপ কেলেংকাৰী সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰে ৷

সংবাদমেলত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জনাই যে বৰ্তমানলৈকে এই কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে মুঠ এঘাৰজন লোক ৷ এঘাৰজনৰ ভিতৰত গ্ৰেপ্তাৰ হৈছে বিভিন্ন কলেজৰ চাৰিজনকৈ অধ্যক্ষ (Principal detained in connection of scholarship scam) ৷ তেওঁলোক হৈছে বি. বি কলেজৰ অধ্যক্ষ মানিক আলী, বৰপেটাৰ হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ জাকিৰ হুছেইন, জনপ্ৰিয় মহাবিদ্যালয়ৰ অধ্যক্ষ ছিৰাজুল হক আৰু শেহতীয়াভাৱে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হৈছে উত্তৰ বৰপেটা কলেজৰ অধ্যক্ষ ড৹ জাহেৰ আলী ৷

অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে জনাই যে ইয়াোৰপৰি কলেজৰ চাৰিজন কৰ্মচাৰী তথা নডেল বিষয়াকো গ্ৰেপ্তাৰ হৈছে ৷ তাৰে ভিতৰত বি. বি কলেজৰ এজন, বৰপেটাৰ হৰেন্দ্ৰ চিত্ৰ মহাবিদ্যালয়ৰ এজন আৰু জনপ্ৰিয় মহাবিদ্যালয়ৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰা হৈছে ৷ লগতে গ্ৰেপ্তাৰ হৈছে আন তিনিজন কেলেংকাৰীৰ লগত জড়িত থকা ব্যক্তিক ৷ ইয়াৰোপৰি আন বহুকেইজনৰ তথ্য পোৱা গৈছে ৷ অতি শীঘ্ৰেই সেইকেইজনকো গ্ৰেপ্তাৰ কৰা হ’ব বুলি জনাই অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক: Scam in students scholarship: বৰপেটাত মহাবিদ্যালয়ৰ অধ্যক্ষসহ গ্ৰেপ্তাৰ দুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.