ETV Bharat / state

Illegal sand mining: কলগাছিয়াৰ বৰটাৰীত দিনে নিশাই নৈৰ বুকুত অবৈধ খনন

author img

By

Published : Mar 28, 2023, 1:15 PM IST

কলগাছিয়াৰ বৰটাৰীত দিনে-নিশাই নৈৰ বুকুত খনন বালি মাফিয়াৰ । বাৰিষাৰ সময়ত খহনীয়াই কালৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা। বালি খনন বন্ধ নহলে ২৯ মাৰ্চত কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব নিখিল ভাৰত কৃষক সভাই (Illegal sand mining)।

Illegal sand mining in Kalgachia
কলগাছিয়াৰ বৰটাৰীত বালি মাফিয়াৰ দৌৰাত্ম্য

কলগাছিয়াৰ বৰটাৰীত অবৈধ খনন নৈৰ বুকুত

জনীয়া, 28 মাৰ্চ: বৰপেটা জিলাৰ কলগাছিয়াত বনজ সম্পদৰ অবাধ লুণ্ঠন ৷ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আই আৰু মানাহ নদীৰ সংযোগস্থলী বৰটাৰী আৰু সন্তোষপুৰত বালি মাফিয়াৰ দপদপনি ৷ কাকো কেৰেপ নকৰাকৈ দিনে নিশাই নৈৰ বুকুত চলাই গৈছে অবৈধ খনন ৷ দিনৰ উপৰিও নিশাৰ ভাগতো বালি খনন অব্যাহত ৰাখিছে বালিমাফিয়া চক্ৰটোৱে ৷ ঘোৰ নিদ্ৰাত বনবিভাগ, জিলা প্ৰশাসন (Illegal sand mining in Kalgachia)৷

উল্লেখযোগ্য যে, অবৈধ বালি খনন বন্ধ কৰিবৰ বাবে কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত বিভিন্ন দল সংগঠনে স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কলগাছিয়া চি পি আই এমে আন্দোলনৰ এক কাৰ্য্যসূচী হাতত লোৱাত কিছুদিন অবৈধ বালি খনন বন্ধ হৈছিল যদিও এতিয়া পুনৰ বালি খনন আৰম্ভ কৰিছে বালিমাফিয়া চক্ৰটোৱে (Illegal sand mining in Barpeta) ৷

এই অবৈধ বালি খননৰ বাবে প্ৰতিবছৰে নদীৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি আহিছে ৷ এইবাৰ বাৰিষাৰ সময়ত খহনীয়াই কালৰূপ ধাৰণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ বাৰিষাৰ সময়ত ২ নং বিকল্প ৰাজ্যিক ঘাইপথৰ লগতে অভয়াপুৰীৰ পৰা আমিনগাঁৱলৈ যোৱা ৰাজ্যিক ঘাইপথৰ পকী দলংখন খহনীয়াৰ কৱলত পৰাৰ সম্ভাৱনা আছে (Samd Mafia in Kalgachia) ৷

স্থানীয় লোকে বালি খনন বন্ধ কৰাৰ চেষ্টা চলালেও বালি মাফিয়াই ভয়-ভাবুকি প্ৰদান কৰে বুলি অভিযোগ উত্থাপিত হৈছে ৷ বালি মাফিয়াৰ বিৰুদ্ধে ব্যৱস্তা গ্ৰহণৰ বাবে বন বিভাগ আৰু আৰক্ষীক ৰাইজে দাবী জনাই আহিছে যদিও বন বিভাগ আৰু আৰক্ষীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ অতি শীঘ্ৰেই অবৈধ বালি খনন বন্ধ নহলে অহা ২৯ মাৰ্চত কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জনাইছে নিখিল ভাৰত কৃষক সভাই (Nikhil Bharat Krishak Saha against Sand Mafia)৷

এতিয়া এই বালিমাফিয়া চক্ৰটোৰ বিৰুদ্ধে বন বিভাগ তথা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় (Illegal sand mining)।

লগতে পঢ়ক:Bihu dance in Guinness world record: তিনিচুকীয়াত বিহু নাচৰ প্ৰশিক্ষণৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.