ETV Bharat / state

Allegation against Grampradhan in Barpeta: গাঁওপ্ৰধানৰ বিৰুদ্ধে সুৰা পান কৰি গুণ্ডাগিৰী কৰাৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 6:37 PM IST

কলগাছিয়াৰ বামুনটাৰীত মদ্য়পান কৰি গাঁওপ্ৰধানৰ গুণ্ডাগিৰী । মাৰপিট কৰি আহত কৰিলে এজন যুৱকক। আৰক্ষীয়ে আটক কৰে সাওৰাচৰা গাঁৱৰ গাওঁপ্ৰধান আব্দুল হাইৰ লগতে আন এজন আক্ৰমণকাৰীক ।

Allegation against Village head of Saorasra
বামুনটাৰীত গাঁওপ্ৰধানৰ গুণ্ডাগিৰী

বামুনটাৰীত গাঁওপ্ৰধানৰ গুণ্ডাগিৰী

জনীয়া ,২৬ আগষ্ট: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বামুনটাৰীত গাঁওপ্ৰধানে গুণ্ডাগিৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে । চিকণী গাঁও পঞ্চায়তৰ অন্তৰ্গত সাওৰাচৰা গাঁৱৰ গাঁওপ্ৰধান আব্দুল হাইয়ে মদ্য়পান কৰি এজন যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । ইয়াকে লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক:Press Meet of Assam Pradesh Mahila Morcha :দুবছৰ সম্পূৰ্ণ কৰিলে অসম প্রদেশ মহিলা মৰ্চাই

উত্থাপিত অভিযোগ অনুসৰি মদ্য়পান কৰি গাঁওপ্ৰধানে গুণ্ডাগিৰীত লিপ্ত হৈছে । গাওঁপ্ৰধানৰ লগতে আন এজন লোকে গুৰুলা গুৰুলকৈ মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰিলে মোবাৰক আলী নামৰ এজন যুৱকক। উল্লেখযোগ্য যে চিকণী গাঁও পঞ্চায়তৰ অন্তৰ্গত সাওৰাচৰা গাঁৱৰ গাঁওপ্ৰধান আব্দুল হাইয়ে নিজৰ বাহনেৰে শুক্ৰবাৰে নিশা উক্ত গাঁৱৰে মোবাৰক আলী নামৰ এজন যুৱকক লগত লৈ ফুৰিবলৈ যায় । কিন্তু হঠাৎ মাজনিশা ওভতাৰ পথত কলগাছিয়াৰ বামুনটাৰীত বাহন ৰখাই গাঁওপ্ৰধান আব্দুল হাইয়ে সুৰাৰ ৰাগীত মাতাল হৈ মোবাৰক আলীৰ সৈতে প্ৰথমে কোনো কথাকলৈ তৰ্ক-বিতৰ্কৰ সূত্ৰপাত কৰে ।

লগতে পঢ়ক:MLA Akhil Gogoi on Assam cm : বিজেপি দ’লৰ ভিতৰচ’ৰাত বিসম্বাদ হোৱাটো খাটাং বুলি ক’লে বিধায়ক অখিল গগৈয়ে

তাৰ পিছত দুয়োজনৰ মাজত প্ৰচণ্ড মাৰপিট হয় । মাৰপিটত সংগ দিয়ে গাঁওপ্ৰধান আব্দুল হাইৰ আন এজন ভেৰণীয়া গুণ্ডাই । উক্ত মাৰপিটত গুৰুতৰভাৱে আহত হয় মোবাৰক আলী নামৰ যুৱকজন। পিছ মুহূৰ্তত ঘটনাস্থলীত কলগাছিয়া আৰক্ষী উপস্থিত হৈ তিনিওকে থানালৈ লৈ যায় । বৰ্তমান গুণ্ডাৰূপী গাঁওপ্ৰধান আব্দুল হাইৰ লগতে আন এজন আক্ৰমণকাৰী কলগাছিয়া আৰক্ষী থানাৰ আলহী হৈছে । উল্লেখ্য যে এইজন গাঁওপ্ৰধানে বিভিন্ন সময়ত দুৰ্নীতি সংঘটিত কৰি বাতৰিৰ শিৰোনামা দখল কৰি আহিছে । আহত যুৱকজনে এইজন গাঁওপ্ৰধানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনাইছে ।

লগতে পঢ়ক:Minister UG Brahma in Baksa: জিলা ঘোষণাৰ লগে লগে তামুলপুৰৰ উন্নয়ন তৰান্বিত হ’ব; মন্ত্ৰী ইউ জি ব্ৰহ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.