ETV Bharat / state

MLA Akhil Gogoi on Assam cm : বিজেপি দ’লৰ ভিতৰচ’ৰাত বিসম্বাদ হোৱাটো খাটাং বুলি ক’লে বিধায়ক অখিল গগৈয়ে

author img

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 2:20 PM IST

MLA Akhil Gogoi on Assam cm
ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ বিধায়ক অখিল গগৈ

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷ প্ৰচাৰ অভিযানৰ মাজতে অখিল গগৈয়ে হিমন্ত বিশ্ব বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সৰৱ হোৱা পৰিলক্ষিত হয় ।

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ বিধায়ক অখিল গগৈ

আমগুৰি, 26 আগষ্ট: জয়ন্ত মল্ল বৰুৱাক ফুকলীয়া ল'ৰা বুলিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোঁহাইৰ প্ৰসংগ টানি আনি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে জয়ন্ত মল্ল বৰুৱাক ফুকলীয়া ল'ৰা বুলি অভিহিত কৰে । আমগুৰিত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান । আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিধায়ক অখিল গগৈয়ে গাঁৱে গাঁৱে ৰাইজৰ মাজলৈ গৈ আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ।

অভিযানকালত ন-বিজেপিসকলৰ প্ৰতি আক্ৰমণাত্মক হৈ হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলটোক টেক অভাৰ কৰি লোৱা বুলি কয় । কোম্পানীয়ে ইটোৱে-সিটোক কিনি লোৱাৰ দৰে হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলটোকে টেক অভাৰ কৰি ল'লে বুলিও কয় বিধায়কগৰাকীয়ে । বিজেপি দলৰ অসমৰ নাম HBS Company Private limited বুলিও কয় শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে ৷ এই কোম্পানীটোৱে সকলোৰে অধিকাৰ কাঢ়ি লৈছে বুলিও কয় ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে ।

অসমত কোনো বিধায়কৰ কোনো কাম নাই, বিজেপিৰ পুৰণি কৰ্মীসকলৰো কোনো কাম নাইকীয়া হ'ল বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৰাইজৰ দলৰ বিধায়কগৰাকীয়ে । যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈক খেদিবৰ বাবেও ন-বিজেপিসকলে যত্ন কৰিছিল বুলি গুৰুতৰ অভিযোগ তোলে । ইয়াৰ লগতে, বিজেপি দ'লৰ ভিতৰচ'ৰাত বিসম্বাদ হোৱাটো খাটাং বুলি কয় অখিল গগৈয়ে ।

বিজেপিৰ পুৰণা কৰ্মী তথা নিষ্ঠাৱান কৰ্মীসকলে হিমন্ত বিশ্ব শৰ্মা বাহিনীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব, বিসম্বাদ কৰিব আৰু হিমন্ত বিশ্ব শৰ্মা বাহিনীৰ দাদাগিৰি নাইকীয়া কৰি দলৰ ভিতৰত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব বুলিও আশা প্ৰকাশ কৰে বিজেপিয়ে । বিজেপি এটা দল হৈ থকা নাই বুলি উল্লেখ কৰি এইটো হিমন্ত বিশ্ব শৰ্মাৰ কোম্পানীত পৰিণত হ'ল বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে ।

অসমৰ বিজেপিৰ দলটোক HBS Company Private limited বুলি উল্লেখ কৰি এই কোম্পানীত চন্দ্ৰমোহন পাটোৱাৰী, যোগেন মহন, বিমল বড়া, ৰণজিৎ দাস কাৰোৱেই গুৰুত্ব নাই, ইয়াত কেৱল হিমন্ত বিশ্ব শৰ্মা বাহিনীৰ পীযুষ হাজৰীকা, জয়ন্ত মল্ল বৰুৱাৰহে গুৰুত্ব আছে বুলি কয় শিৱসাগৰৰ বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক: Wrestler needs financial help : চেলুনৰ ব্যৱসায়েৰে ক্ৰীড়া ক্ষেত্ৰত ভৰি দি ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াইছে এজন নাপিতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.