ETV Bharat / state

হোমগাৰ্ডে বিচাৰিলে চাবি, মূহুৰ্ততে উত্তপ্ত পৰিস্থিতি

author img

By

Published : Oct 19, 2021, 2:15 PM IST

কলগাছিয়াত পৰিবহণ বিভাগৰ নিয়মীয়া তালাচীৰ সময়ত হাহাকাৰ ৷ তালাচীৰ সময়ত কৰ্তব্যৰত হোমগাৰ্ডে যুৱকৰ পৰা বাইকৰ চাবি বিচৰাত দুয়ো পক্ষৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ ৷

MVI Mis Understanding
তালাচীৰ সময়ত হোমগাৰ্ডে চাবি বিচাৰোতে লাগিল হাহাকাৰ

জনীয়া, 19 অক্টোবৰ : কলগাছিয়াৰ চাৰিআলি চ’কত বাইক আৰোহী আৰু পৰিবহণ বিষয়াৰ কৰ্মীৰ মাজত বাকযুদ্ধ ৷ এখন বাইকৰ চাবি কাঢ়ি লোৱাক লৈ সৃষ্টি হয় বাকযুদ্ধৰ ৷ মঙলবাৰে কলগাছিয়া চাৰিআলিত পৰিবহণ বিভাগৰ তৰফৰ পৰা নিয়মীয়া তালাচী চলোৱা হৈছিল ৷

তালাচীৰ সময়ত হোমগাৰ্ডে চাবি বিচাৰোতে লাগিল হাহাকাৰ

সেই সময়তেই এজন যুৱকৰ হাতত প্ৰয়োজনীয় ড্ৰাইভিং লাইচেঞ্চ তথা উপযুক্ত নথি-পত্ৰ নথকাত যুৱকজনক বাইকৰ চাবিটো বিচাৰে কৰ্তব্যৰত হোমগাৰ্ড এগৰাকীয়ে ৷ ইয়াকে লৈ যুৱকজন আৰু হোমগাৰ্ডৰ কৰ্মচাৰীজনৰ মাজত তৰ্কা-তৰ্কিৰ সূত্ৰপাত ঘটে ৷

গাৰ্ডগৰাকীৰ এনে কাৰ্যত ক্ষোভিত হৈ পৰে যুৱকজন ৷ যুৱকজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, হোমগাৰ্ড গৰাকীয়ে প্ৰয়োজনীয় নথি-পত্ৰ নিবিচাৰি, বাইকৰ চাবি কাঢ়িব বিচৰাটো কোনো কাৰণতে যুক্তি সংগত নহয় ৷

ইয়াৰ উপৰিও এগৰাকী গাৰ্ডক সাধাৰণ লোকৰ সৈতে কেনে ব্যৱহাৰ কৰিব লাগে, সেই সন্দৰ্ভত নৈতিক শিক্ষা প্ৰদান কৰিবলৈও বিভাগক আহ্বান জনায় ৷ অৱশ্যে এই সন্দৰ্ভত পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে ভুল হোৱা বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰে ৷ তদুপৰি অনাগত দিনত যাতে ৰাইজ অসুবিধাৰ সন্মুখীন হ’ব নালাগে, সেই সন্দৰ্ভত সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক : বাংলাদেশৰ ধৰ্মীয় হিংসাৰ বিৰুদ্ধে বাঙালী যুৱ মঞ্চৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.