বাংলাদেশৰ ধৰ্মীয় হিংসাৰ বিৰুদ্ধে বাঙালী যুৱ মঞ্চৰ প্ৰতিবাদ

By

Published : Oct 19, 2021, 12:33 PM IST

thumbnail

শাৰদীয় দুৰ্গাপূজাৰ সময়ত বাংলাদেশৰ বিভিন্ন স্থানত এক সাম্প্ৰদায়িক অপশক্তিয়ে সৃষ্টি কৰা অপ্ৰীতিকৰ ঘটনাৰ প্ৰতিবাদত সমগ্ৰ ৰাজ্যত প্ৰতিবাদৰ জুই জ্বলা পৰিলক্ষিত হৈছে ৷ ধুবুৰীৰ পাঁচমোৰতো সোমবাৰে সন্ধিয়া ভাগত এই কাণ্ডৰ বিৰুদ্ধে ধুবুৰীত বাঙালী যুৱ মঞ্চ(Bengali Yuva Manch)ৰ উদ্যোগত উত্তাল প্ৰতিবাদ(Protest)৷ বাংলাদেশ চৰকাৰ(Bangladesh Govt)ৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনায় যুৱ মঞ্চই । প্ৰতিবাদকাৰীসকলে ধুবুৰী চহৰৰ ৰাজপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও চহৰখনত এক বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ বাংলাদেশৰ পৰা আমদানি হোৱা চিপচৰ পেকেট জ্বলাই বাংলাদেশৰ সামগ্ৰী ভাৰতৰ বুকুত বিক্ৰী বন্ধ কৰাৰো দাবী জনায় বাঙালী যুৱ মঞ্চই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.