ETV Bharat / state

Gunfire in Manas National Park: মানাহ ৰাষ্ট্ৰীয় উদ্যানত গুলীয়াগুলী সন্দৰ্ভত কি ক’লে বন বিভাগে !

author img

By

Published : Jun 8, 2023, 8:06 AM IST

Updated : Jun 8, 2023, 12:23 PM IST

Gunfire in Manas National Park
মানাহ ৰাষ্ট্ৰীয় উদ্যান

বৰপেটাৰোডত বনবিভাগৰ সংবাদমেল ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত গুলীয়াগুলী ৷ বনকৰ্মীৰ গুলীত আহত দুজনকৈ দুৰ্ধৰ্ষ চোৰাং চিকাৰী (Gunfire in Manas National Park) ৷

মানাহ ব্যাঘ্ৰ প্ৰকল্প কাৰ্যালয়ৰ সহকাৰী প্ৰকল্প সঞ্চালক জচিম উদ্দিন আহমেদ

বৰপেটাৰোড, 8 জুন : মানাহ ৰাষ্ট্ৰীয় উদ্যানত বুধবাৰে বনকৰ্মীৰ গুলীত গুলিবিদ্ধ হয় দুই চোৰাং চিকাৰী ৷ এই গুলীচালনাৰ পাচতেই ঘটনা সন্দৰ্ভত বৰপেটাৰোডস্থিত মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়ত বন বিভাগে এখন সংবাদমেলৰ আয়োজন কৰে (Forest Department Press Conference in Barpeta) । বুধবাৰে সন্ধিয়া আয়োজন কৰা সংবাদমেলখন সম্বোধন কৰে মানাহ ব্যাঘ্ৰ প্ৰকল্প কাৰ্যালয়ৰ সহকাৰী প্ৰকল্প সঞ্চালক জচিম উদ্দিন আহমেদে (Manas National Park) ৷

সংবাদমেলত বন বিভাগৰ বিষয়া গৰাকীয়ে কয় যে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰীক্ষত দীৰ্ঘদিনৰে পৰাই চোৰাং চিকাৰীয়ে মানাহৰ বন্য জীৱ-জন্তু চিকাৰ কৰি আহিছিল ৷ মানাহৰ বনকৰ্মীয়েও চোৰাং চিকাৰীয়ে যাতে মানাহৰ বন্য জীৱ-জন্তু চিকাৰ কৰিব নোৱাৰে তাৰবাবে নিয়মিতভাৱে মানাহৰ গভীৰ অৰণ্যত তহল দি আহিছিল । কিন্তু তাৰ মাজতেই বুধবাৰে মানাহৰ বন্য জীৱ-জন্তু চিকাৰ কৰাৰ বাবে এদল চোৰাং চিকাৰী মানাহৰ গভীৰ অৰণ্যত প্ৰৱেশ কৰা বুলি জানিবলৈ পায় বনকৰ্মীয়ে ৷ সেইমৰ্মে বনকৰ্মীয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভূঞাপাৰা বনাঞ্চলিক কাৰ্যালয়ৰ সমীপৰ দাওধাৰাত উপস্থিত হৈ কেইবাজনো চোৰাং চিকাৰীক প্ৰত্যক্ষ কৰে ৷

ইয়াৰ পিচতে চোৰাং চিকাৰীয়ে বনকৰ্মীক প্ৰত্যক্ষ কৰি প্ৰথমে গুলীচালনা কৰে ৷ প্ৰত্যুত্তৰত বনকৰ্মীয়েও চোৰাং চিকাৰীক লক্ষ্য কৰি গুলীচালনা কৰে ৷ চোৰাং চিকাৰী আৰু বনকৰ্মীৰ মাজত হোৱা গুলীয়াগুলীত দুজনকৈ চোৰাং চিকাৰী আহত হয় ৷ পৰিতাপৰ কথা যে আন কেইবাজনো চোৰাং চিকাৰী মানাহৰ গভীৰ অৰণ্যৰ মাজেৰে পলাই যাবলৈ সক্ষম হয় ৷ বনকৰ্মীৰ গুলীত আহত চোৰাং চিকাৰী দুজন ধৰ্মেন্দ্ৰ ৱাৰী আৰু গোপাল বাহাদুৰ মগৰ বুলি জানিব পৰা গৈছে (Gunfire in Manas National Park) ৷

বনকৰ্মীৰ গুলী চোৰাং চিকাৰীদ্বয়ৰ এটাৰ পিঠিত আৰু আন এটাৰ হাতত লাগে ৷ গুলীবিদ্ধ দুই দুৰ্ধৰ্ষ চোৰাং চিকাৰীক কৰায়ত্ত কৰি প্ৰথমতে জালাহস্থিত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷ চিকিৎসাৰ অন্তত চোৰাং চিকাৰীদ্বয় সংকটমুক্ত হোৱাত দুয়োকে বন বিভাগৰ লোকে বৰপেটাৰোডস্থিত মানাহ ব্যাঘ্ৰ প্ৰকল্প ক্ষেত্ৰ সঞ্চালকৰ কাৰ্যালয়লৈ লৈ আনে । সম্প্ৰতি বন বিভাগৰ শীৰ্ষ বিষয়াই চোৰাং চিকাৰী দুটাৰ সোধাপোছা অব্যাহত ৰাখিছে (Gunfire between poachers and foresters) ৷

উল্লেখ্য যে, চোৰাং চিকাৰীদ্বয়ৰ পৰা হাতে সজা কেইবাটাও বন্দুকৰ লগতে কেইবাজাঁই সক্ৰিয় গুলী আৰু বন্য জন্তুৰ কিছু মাংস উদ্ধাৰ কৰা হৈছে বুলিও জানিবলৈ দিয়ে মানাহ ব্যাঘ্ৰ প্ৰকল্প কাৰ্যালয়ৰ সহকাৰী প্ৰকল্প সঞ্চালক জচিম উদ্দিন আহমেদে ৷

লগতে পঢ়ক : Firing at Manas National Park: মানাহ ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মীৰ গুলীত আহত দুই চোৰাং চিকাৰী

Last Updated :Jun 8, 2023, 12:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.