ETV Bharat / state

সৰুক্ষেত্ৰীত নাওখেলৰ নামত জুৱা: বহিঃৰাজ্যৰ জুৱাৰীসহ তিনি জুৱাৰীক গ্ৰেপ্তাৰ

author img

By

Published : Sep 19, 2022, 8:16 PM IST

Gamblers arrested in Barpeta
বৰপেটা আৰক্ষীৰ জালত তিনি জুৱাৰী

বৰপেটাৰ সৰুক্ষেত্ৰীৰ মৰিছা পথাৰ গাঁৱত নাওখেলৰ নামত বৃহৎ জুৱাখেলৰ আয়োজন । বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত উৎখাত এই সমগ্ৰ জুৱাৰ ঘাটি । লগতে আৰক্ষীৰ জালত পৰিল তিনি জুৱাৰী (Gamblers arrested in Barpeta)।

বৰপেটা, 19 ছেপ্টেম্বৰ: ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিচাজাতীয় দ্ৰব্যৰ সমান্তৰালকৈ জুৱাৰ দৰে বিভিন্ন অসামাজিক কাৰ্যকলাপ ৰোধ কৰিবলৈ অসম আৰক্ষীক কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছিল (Assam Police crack down on crimes) ৷ এই ক্ষেত্ৰত আৰক্ষী কঠোৰ হৈছে যদিও এতিয়াও আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে একাংশই চলাই গৈছে এনে অসামাজিক কাৰ্যকলাপ ৷

শেহতীয়াকৈ বৰপেটাৰ সৰুক্ষেত্ৰীৰ মৰিছা পথাৰ গাঁৱৰ পৰা উৎখাত হৈছে এটা অসাধু চক্ৰ ৷ বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰঞ্জন দলেৰ নেতৃত্বত চলিছিল অভিযান ৷ আৰক্ষীৰ অভিযানকালত তিনি জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় (Gamblers arrested in Barpeta) । ধৃত ৩ জুৱাৰী ক্ৰমে ভেৰাৰভিঠা গাঁৱৰ মহৰ আলী, কনৰা গাঁৱৰ আব্বাছ আলী আৰু বহিঃৰাজ্য উত্তৰ প্ৰদেশৰ তেজপাল হাৰজি বুলি আৰক্ষী সূত্ৰে প্ৰকাশ (Gamblers arrested including out of state gambler) ।

বৰপেটা আৰক্ষীৰ জালত তিনি জুৱাৰী

ঘটনাৰ বিৱৰণী মতে, মৰিছা পথাৰ যুৱক সংঘৰ সৌজন্যত গাঁওখনৰ একাংশই মৰিচা পথাৰ, পহুমাৰা আৰু চাউলখোৱা নৈৰ সংগমস্থানত অনুষ্ঠিত কৰিছিল এখন নাওখেল প্ৰতিযোগিতা ৷ দুখনকৈ মটৰ চাইকেলসহ কেইবাটাও পুৰস্কাৰ প্ৰদান কৰা নাওখেলখনৰ নামত প্ৰকৃততে সেই স্থানত অনুষ্ঠিত হৈছিল এখন জুৱাখেলহে (Gambling in Barpeta) ৷

ইয়াৰ পিছতে আৰক্ষীয়ে গোপন খবৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই জুৱাৰীকেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইফালে আৰক্ষীৰ অভিযানৰ উমান পাই বহু সংখ্যক জুৱাৰীয়ে সেই স্থানৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় ৷ ধৃত জুৱাৰীকেইটাক আৰক্ষীয়ে আজি বৰপেটা আদালতত হাজিৰ কৰাৰ পিছতে আদালতে জুৱাৰীকেইটাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক: জুৱা খেলৰ বিৰুদ্ধে মাত মাতি বিপদত মৰাণৰ ৱাৰ্ড সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.