ETV Bharat / state

Crime news of Barpeta:কলগাছিয়াত আৰক্ষীৰ জালত কুখ্যাত তীৰ মাফিয়া

author img

By

Published : Jul 27, 2023, 3:10 PM IST

কলগাছিয়াৰ লোকমান বজাৰৰ পৰা কুখ্যাত তীৰ মাফিয়া গ্ৰেপ্তাৰ । তীৰৰ টিকট বিক্ৰী কৰি থকা অৱস্থাত হাতে লোটে কৰায়ত্ত কৰে কলগাছিয়া আৰক্ষীয়ে ।

Crime at Kalgachia in Barpeta
কলগাছিয়াত অবৈধ তীৰ খেল

কলগাছিয়াত অবৈধ তীৰ খেল

জনিয়া, ২৭ জুলাই: বৰপেটা জিলাৰ কলগাছিয়াত অবৈধ তীৰ খেলৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষীৰ অভিযান । এই অভিযানত কলগাছিয়াৰ লোকমান বজাৰৰ পৰা মকবুল হুছেইন নামৰ এটা কুখ্যাত তীৰ মাফিয়া গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । উল্লেখ্য় যে বৃহত্তৰ কলগাছিয়া অঞ্চলত দীৰ্ঘদিনৰে পৰা চলি আহিছে তীৰ খেলৰ লগতে অবৈধ কাৰ্যকলাপ । তীৰ, জুৱা বৃদ্ধি পোৱাত যুৱ প্ৰজন্ম ধ্বংসৰ পথলৈ গতি কৰিছে। ফলত বৃদ্ধি পাইছে চুৰি, ডকাইতি আৰু বিভিন্ন অসামাজিক কাৰ্যকলাপ ।

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত লোকমান বজাৰত দীৰ্ঘ দিনৰ পৰা ধৃত মকবুল হুছেইনৰ লগতে আন কেইবাজনো ব্যক্তিয়ে চলাই আহিছিল তীৰৰ ৰমৰমীয়া ব্যৱসায় । বুধবাৰে আবেলি ৫ বজাত কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমকান্ত শৰ্মাৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি কুখ্যাত তীৰ মাফিয়া মকবুল হুছেইনক লোকমান বজাৰত তীৰৰ টিকট বিক্ৰী কৰা অৱস্থাতে কৰায়ত্ত কৰে ।

উল্লেখ্য যে বিগত কিছুদিনৰ ভিতৰত বৃহত্তৰ কলগাছিয়া এলেকাত তীৰৰ লগতে জুৱা খেলৰ দৰে অসামাজিক কাম ব্যাপক ভাবে বৃদ্ধি পাইছে । এই ক্ষেত্ৰত কলগাছিয়া আৰক্ষীৰ অভিযান ব্যাপকভাৱে চলি থাকিব বুলি আৰক্ষীয়ে উল্লেখ কৰিছে । ইতিমধ্যে তীৰ মাফিয়া মকবুল হুছেইনক কলগাছিয়া আৰক্ষীয়ে থানাত জেৰা কৰাত তীৰ মাফিয়াটোৱে তীৰৰ টিকট বিক্ৰী কৰা বুলি স্বীকাৰ কৰিছে ।

উল্লেখ্য যে, ৰাজ্যজুৰি নিচাযুক্ত সামগ্ৰী আৰু অবৈধ জুৱাৰ খেলৰ বাবে প্ৰশাসনে কঠোৰ অভিযান চলাই আহিছে যদিও একাংশ লোকে এতিয়াও অবাধে এনে অনৈতিক কাৰ্যত লিপ্ত হৈ আছে ৷ আনকি এইবোৰ প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাৰ পিচতো বিভিন্ন অঞ্চলত আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও ধৰাৰো অভিযোগ উত্থাপিত হৈছে । ব্য়তিক্ৰম নহয় বৰপেটা জিলাৰ কলগাছিয়াৰ । জিলাখনৰ এই অঞ্চলটোৰ লগতে বিভিন্ন ঠাইত বিশেষকৈ নৈৰ পাৰ, মৰাপাটৰ খেতিৰ মাজত জুৱা খেল চলি আহিছে । মুকলিভাৱে চলি থকা তীৰ খেল শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনাইছে ।

লগতে পঢ়ক:Sivasagar Lachit Park : ৰংপুৰত এলাগী চৰকাৰে বিশ্বত জিলিকাব খোজা বীৰ লাচিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.