ETV Bharat / state

বিজেপিয়ে বিটিচি দখল কৰিলে সাম্প্ৰদায়িক সংঘৰ্ষ হ'ব : নীলমনি সেন ডেকা

author img

By

Published : Nov 30, 2020, 11:22 AM IST

বিটিচিত বিজেপিয়ে শাসনভাৰ ল'লে বিটিচিৰ কোনো উন্নয়ন নহয় : নীলমনি সেন ডেকা
বিটিচিত বিজেপিয়ে শাসনভাৰ ল'লে বিটিচিৰ কোনো উন্নয়ন নহয় : নীলমনি সেন ডেকা

বিটিচি নিৰ্বাচনত বিজেপিয়ে ভোট লাভ কৰিলে পাছৰ পৰ্যায়ত বিটিচিত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হোৱাটো নিশ্চিত বুলি মন্তব্য প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকাৰ ৷ বৰপেটাৰ শালবাৰী সমষ্টিত কংগ্ৰেছ-এআইইউডিএফৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷ বিটিচি নিৰ্বাচনত বিজেপিক এটাও ভোট নিদিবলৈ আহ্বান প্ৰাক্তন মন্ত্ৰী গৰাকীৰ ৷

বৰপেটাৰোড, 30 নৱেম্বৰ : সমাগত বিটিচি নিৰ্বাচনক লৈ নিৰ্বাচনী যুঁজত নামি পৰিছে কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতৃবৃন্দ ৷ শালবাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকাই বিটিচি নিৰ্বাচনত বিজেপিক এটাও ভোট নিদিবলৈ আহ্বান জনায় ৷ দেওবাৰে শালবাৰী সমষ্টিত কংগ্ৰেছ- এ আই ইউ ডি এফৰ প্ৰাৰ্থী বিশ্বজিৎ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বুনমাঝাৰ চলিকান্দা বজাৰত মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি কংগ্ৰেছ নেতৃবৃন্দ নিৰ্বাচনী যুঁজত নামি পৰে ৷

প্ৰাক্তন মন্ত্ৰী ডেকাই সংবাদ মাধ্যমৰ আগত কয় যে বিটিচিত এইবাৰ ৰাইজে বিজেপি আৰু বিপিএফৰ দুৰ্নীতিৰ বিৰুদ্ধে ভোট দিব আৰু আগন্তুক নিৰ্বাচনত ইউপিপিএলৰ কোনো স্থিতি নাই ৷ তেওঁ কয় যে কিবা প্ৰকাৰে বিজেপি শাসনলৈ আহিলে বিটিচিত যে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হ'ব সেই কথা নিশ্চিত ৷ বিটিচিত বিজেপিয়ে শাসনভাৰ ল'লে বিটিচিৰ কোনো উন্নয়ন নহয় বুলিও মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে ৷

শালবাৰী সমষ্টিৰ কংগ্ৰেছ - এ আই ইউ ডি এফৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰি ভাষণ প্ৰসংগত প্ৰাক্তন মন্ত্ৰী নীলমনি সেন ডেকাই কয় যে বিটিচিত কংগ্ৰেছ চৰকাৰে যি ধৰণে ধন দিছিল বিজেপি চৰকাৰে বিটিচি উন্নয়নৰ বাবে তেনেকৈ ধন দিয়া নাই । তেওঁ অভিযোগ কৰে যে বিটিচিত কেৱল সংঘৰ্ষ সৃষ্টি কৰিব বিচৰা বিজেপি চৰকাৰে বিটিচি দখলৰ সপোন দেখিছে ।

বিটিচিত বিজেপিয়ে শাসনভাৰ ল'লে বিটিচিৰ কোনো উন্নয়ন নহয় : নীলমনি সেন ডেকা

তেওঁ লগতে মন্তব্য কৰে যে বিটিচিৰ ৰাইজে বিজেপিক ভোট দিয়াটো উচিত নহয় । ভাষণ প্ৰসংগত তেওঁ সমগ্ৰ ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰু অসমত সৰ্বানন্দ সোণোৱালে নিৰীহ ৰাইজৰ ওপৰত যি ধৰণে অত্যাচাৰ চলাইছে তাৰ প্ৰত্যুত্তৰ দিবলৈ এই বিটিচি নিৰ্বাচনত বিজেপিক এটাও ভোট নিদিবলৈ আহ্বান জনায় ৷

শেহতীয়াকৈ প্ৰায়েই চৰ্চাত থকা হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ বাকযুদ্ধ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে কয় যে হাগ্ৰামা মহিলাৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ যুদ্ধ টকা পইচাৰ বাবেহে ৷ তেওঁ কয় যে হাগ্ৰামা মহিলাৰী আৰু হিমন্তৰ বিশ্ব শৰ্মাৰ মাজত টকা-পইচা ভাগবাটোৱাৰাৰ অমিল হোৱা বাবেহে যুদ্ধ হৈছে ।

সভাত প্ৰাৰ্থী বিশ্বজিত বসুমতাৰী, কংগ্ৰেছ নেতা আব্দুচ ছামাদ আহমেদ, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ধীৰাজ দেউৰী , শালবাৰী সমষ্টিৰ কংগ্ৰেছ দলৰ তত্বাবধায়কদ্বয় ইছমাইল হুছেইন আৰু জিতুমনি তালুকদাৰে ভাষণ প্ৰদান কৰে । উল্লেখ্য যে কংগ্ৰেছ প্ৰাৰ্থী বিশ্বজিত বসুমতাৰীয়ে শালবাৰী সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলায় ।
লগতে পঢ়ক:গোলাঘাটত অগপৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিৰ পদত্যাগত হৰ্ষোল্লাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.