ETV Bharat / state

Forest department: ৰাজ্যৰ বন বিভাগক সবাতোকৈ দুৰ্নীতিগ্ৰস্ত বিভাগ আখ্যা বিধায়ক মনোৰঞ্জন তালুকদাৰৰ

author img

By

Published : Apr 13, 2023, 8:41 PM IST

ৰাজ্যৰ বন বিভাগৰ সন্দৰ্ভত সৰৱ হৈছে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ ৷ ৰাজ্যৰ বন বিভাগক সবাতোকৈ দুৰ্নীতিগ্ৰস্ত বিভাগ বুলি আখ্যা দি বন বিভাগৰ বিষয়াসকলক বদমাচ বুলি মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে (MLA Manoranjan Talukdar slams Forest department) ৷

MLA Manoranjan Talukdar slams Forest department
ৰাজ্যৰ বন বিভাগক সবাতোকৈ দুৰ্নীতিগ্ৰস্ত বিভাগ আখ্যা

ৰাজ্যৰ বন বিভাগক সবাতোকৈ দুৰ্নীতিগ্ৰস্ত বিভাগ আখ্যা

বৰপেটাৰোড, 13 এপ্ৰিল : "ৰাজ্যৰ বন বিভাগটো আমাৰ সম্পদ হোৱা স্বত্বেও এই বন বিভাগৰ পৰা আয় তুলনামূলকভাৱে যথেষ্ট কম হৈছে ৷ তাৰ বিপৰীতে সুৰাৰ বিপনীৰ পৰাহে দুগুণ আয় হৈছে ৷ বন বিভাগৰ বিষয়াসকল বদমাচ ৷ বন বিভাগৰ পৰা মাত্ৰ 3 হাজাৰ কোটি টকা আয় হৈছে যদিও ৱাইনচপৰ পৰা 6 হাজাৰ কোটি টকা আয় হৈছে ৷" বেঁকী নৈৰ পৰা মাত্ৰ 20 কোটি টকা আয় হোৱা বুলি বৰপেটাৰ বনবিভাগে জাহিৰ কৰা কৰাৰ পাচতেই সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে এই মন্তব্য প্ৰকাশ কৰে (MLA Manoranjan Talukdar slams Forest department) ৷

ক্ষোভিত হৈ বিধায়কগৰাকীয়ে কয়, "বেঁকী নৈৰ পৰা যদি মাত্ৰ 20 কোটি টকা চৰকাৰৰ ঘৰত গৈছে তেন্তে বৰপেটা বন বিভাগৰ বিষয়া কৰ্মচাৰী আৰু শিল-বালি কুৱেৰীৰ স্বত্বাধিকাৰীসকলৰ ঘৰত কিমান কোটি টকা গৈছে (Forest department is most corrupt department)? চালান নোহোৱাকৈ অবৈধভাৱে শিল-বালিৰ মহলদাৰসকলে অবাধ গতিত বেঁকী নৈত লুণ্ঠন চলাই কেবা শ কোটি টকা সংগ্ৰহ কৰাৰ বিপৰীতে চৰকাৰৰ ঘৰত মাত্ৰ 20 কোটি টকাহে জমা কৰিছে ৷"

বিধায়কগৰাকীয়ে লগতে কয়, "বেঁকী নৈৰ প্ৰবল গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে বেঁকীৰ বুকুত খনন কাৰ্য বন্ধ ৰাখিবলৈ বৰপেটা জিলা উপায়ুক্তই মাজে সময়ে নিৰ্দেশনা দিয়ে যদিও বন বিভাগৰ সহযোগত লুণ্ঠনকাৰীসকলে নিজৰ খেয়ালখুচি মতে বেঁকীৰ বুকুত লুণ্ঠন প্ৰক্ৰিয়া চলাই আহিছে ৷ এইক্ষেত্ৰত জিলা উপায়ুক্তই নামমাত্ৰ নিৰ্দেশনা দিয়েই দায়িত্ব সামৰে ৷"

লগতে পঢ়ক: Assam government is in debt : পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল'লে অসম চৰকাৰে

বনবিভাগক আটাইতকৈ দুৰ্নীতিগ্ৰস্ত বিভাগ বুলি উল্লেখ কৰি বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে এইক্ষেত্ৰত কিছুপৰিমাণে আৰক্ষীও জগৰীয়া ৷ আৰক্ষীৰ চকুৰ সন্মুখৰেই চালানবিহীনভাৱে ডাম্পাৰ ট্ৰেক্টৰে দিনে নিশাই শিল বালি কঢ়িয়াই আহিছে । কিন্তু আৰক্ষীয়ে এইক্ষেত্ৰত নিৰৱতা অৱলম্বন কৰে ৷ সামগ্ৰিকভাৱে চৰকাৰ আৰু চৰকাৰৰ ছিষ্টেমটোৱেই যেতিয়া দুৰ্নীতিগ্ৰস্ত হয় তেতিয়া প্ৰতিটো বিভাগতেই লুণ্ঠন চলে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.