ETV Bharat / state

ভূটানৰ কুৰিশ্বু বান্ধৰ পানীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে কলগাছিয়াত

author img

By

Published : Sep 1, 2021, 2:29 PM IST

assam-flood-update
ভূটানৰ কুৰিশ্বু বান্ধৰ পানীয়ে নিশা ত্ৰাসৰ সৃষ্টি কৰে কলগাছিয়াত

অসমত ক্ৰমান্বয়ে বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । সোমবাৰে নতুনকৈ ৰাজ্যখনৰ ৫ খন জিলা বাঢ়নী পানীয়ে প্লাৱিত কৰে । এতিয়ালৈকে মুঠ ২১ খন জিলা বানৰ কবলত পৰিছে । ৩.৬৩ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে বানত । বিধ্বংসী বানত প্ৰাণ হেৰুৱাই দুটি শিশুৱে ।

জনীয়া, ১ ছেপ্তেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে কলগাছিয়াৰ কাউৰজাহীতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে ৷ মঙলবাৰে নিশা অঞ্চলটোত বানে বিধ্বংসী ৰূপ ধাৰণ কৰে ৷ বেঁকী নৈৰ জলপৃষ্ঠ বৃদ্ধিৰ সমান্তৰালভাৱে ভূটানে কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত জলস্তৰ বৃদ্ধি পোৱাত ঘৰে ঘৰে বাঢ়নি পানী সোমাই প্লাৱিত কৰে শ পৰিয়ালৰ ঘৰ-দুৱাৰ ।

ভূটানৰ কুৰিশ্বু বান্ধৰ পানীয়ে নিশা ত্ৰাসৰ সৃষ্টি কৰে কলগাছিয়াত

বেঁকী নৈৰ বাঢ়নি পানীয়ে অঞ্চলটোৰ গড়কাপ্তানি পথলৈয়ো আনিছে তীব্ৰ ভাবুকি । স্থানীয় লোকে ঘৰ দুৱাৰ নৈৰ বুকুত জাহ যোৱাৰ ভয়ত অৱশেষত নিশাই বাঁহৰ পাৰ্কুপাইনেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰে ৷ উল্লেখ্য যে, কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰজাহী, খাৰবাল্লীকে ধৰি কেইবাখনো গাঁৱত বেঁকী নদীৰ বাঢ়নি পানীয়ে বিগত কেইবাদিন ধৰি তাণ্ডৱ চলাই আহিছে ৷

বাঢ়নী পানীয়ে ঘৰ-দুৱাৰ, খেতি পথাৰ প্লাৱিত কৰাৰ লগতে এতিয়া কলগাছিয়াৰ পৰা লাচাংগালৈ যোৱা গড়কাপ্তানি পথলৈ সৃষ্টি কৰিছে তীব্ৰ ভাবুকি । এনে সময়তে মঙলবাৰে নিশা কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ ফলত ত্ৰাসৰ সৃষ্টি হয় কলগাছিয়াত ৷

assam flood update
ভূটানৰ কুৰিশ্বু বান্ধৰ পানীয়ে নিশা ত্ৰাসৰ সৃষ্টি কৰে কলগাছিয়াত

আনহাতে, ঘৰে ঘৰে পানী সোমোৱাত চৰম অসুবিধাত পৰিছে ৰাইজ । কাউৰজাহীত গড়কাপ্তানি পথৰ ওপৰত থকা কালভাৰ্ট ভাঙি যোৱাৰ উপক্ৰম হোৱাত নিশাৰ আন্ধাৰতেই বাঁহৰ পাৰ্কুপাইনেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : প্ৰলয়ংকাৰী বানে প্ৰাণ কাঢ়িলে দুটি শিশুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.