ETV Bharat / state

প্ৰলয়ংকাৰী বানে প্ৰাণ কাঢ়িলে দুটি শিশুৰ

author img

By

Published : Aug 31, 2021, 5:46 PM IST

Flood situation deteriorates in Assam
বানৰ কবলত পৰিছে অসমৰ মুঠ ২১ খন জিলা

অসম(Assam)ত ক্ৰমান্বয়ে বানে(Flood) ভয়াৱহ ৰূপ ধাৰণ কৰিছে । সোমবাৰে নতুনকৈ ৫ খন জিলা বাঢ়নী পানীয়ে প্লাৱিত কৰে । এতিয়ালৈকে মুঠ ২১ খন জিলা বানৰ কবলত পৰিছে । বিধ্বংসী বানত প্ৰাণ হেৰুৱাই দুটি শিশুৱে । ৩.৬৩ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে বানত ।

গুৱাহাটী, ৩১ আগষ্ট: ফেনে-ফোটোকাৰে বাঢ়িছে অসমৰ কেইবাখনো নদীৰ জলস্তৰ । বিধ্বংসী বানে প্লাৱিত কৰিছে ৰাজ্যৰ ন ন অঞ্চল । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিষয়াই জানিবলৈ দিয়া মতে, এতিয়ালৈকে ৰাজ্যৰ ২১ খন জিলা বানৰ কবলত পৰিছে । সোমবাৰ পৰ্যন্ত ৩.৬৩ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে বানত ।

মৰিগাঁও আৰু বৰপেটা জিলাত প্ৰলয়ংকাৰী বানত দুটি শিশুৱে প্ৰাণ হেৰুৱায় । বিষয়াসকলে লগতে জনায় যে, লখিমপুৰ জিলাত সৰ্বাধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে । লখিমপুৰ জিলাত ১.৩০ লাখতকৈও অধিক লোক, মাজুলীত ৬৫,০০০ গৰাকী লোক, দৰঙত ৪১,৪০০ জন, বিশ্বনাথত ২৪,৩০০ জন, ধেমাজিত ২১,৩০০ জন আৰু শিৱসাগৰ জিলাত ১৭,৮০০ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা তথ্য অনুসৰি, ৩০,৩৩৩ হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে আৰু ৯৫০ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে ।

বানপীড়িতৰ বাবে মুঠ ৪৪টা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে । ক'ভিড প্ৰট'কল মানি সকলোকে আশ্ৰয় শিবিৰত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ।

আনহাতে, গোলাঘাট, নগাঁও, শোণিতপুৰ, বিশ্বনাথ আৰু কাৰ্বি আংলং জিলাত বিস্তৃত হৈ থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ প্ৰায় ৭০ শতাংশ এলেকা জলমগ্ন হৈ পৰিছে । নিৰাপদ স্থান বিচাৰি জন্তুবোৰে হাহাকাৰ কৰিবলগীয়া হৈছে । বানত ৪টা হৰিণৰ মৃত্যু হৈছে বুলি এগৰাকী বন বিষয়াই জানিবলৈ দিছে । এতিয়ালৈকে কাজিৰঙাৰ ৮০টা বন শিবিৰ বানৰ কবলত পৰিছে ।

লগতে পঢ়ক:বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে তিনিটাকৈ বন ঘৰচীয়া ঘোঁৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.