কৰ্মস্থানত মহিলাক বাংলা ক’বলৈ বাধ্য কৰোৱাৰ ঘটনাক লৈ দল সংগঠনৰ ক্ষোভ

author img

By

Published : Aug 20, 2021, 8:37 PM IST

ethnic-groups-reacting-against-incident-of-officials-forcing-women-to-practice-bangla-in-workplace

মৰাপাট নিগমৰ দুই অসমীয়া মহিলা কৰ্মচাৰীক বাংলা ভাষা কবলৈ বাধ্য কৰোৱাৰ ঘটনাই স্বাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত ৷ বৰপেটাৰ চেঙাত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে এই সম্পৰ্কত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনে কাৰ্য সংঘটিত কৰা লোকৰ বিৰুদ্ধে হুংকাৰ প্ৰদান কৰে ৷

বৰপেটা, 20 আগষ্ট : জুৰিয়াস্থিত মৰাপাট নিগমৰ দুই অসমীয়া মহিলা কৰ্মচাৰীক বাংলা ভাষা কবলৈ বাধ্য কৰোৱা ঘটনাক তীব্ৰ সমালোচনা কৰিছে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে ৷ বৰপেটাৰ চেঙাত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে এই সম্পৰ্কত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ পুনৰ এনে কাৰ্য কোনোবাই সংঘটিত কৰিলে বহি নাথাকিব বুলিও হুংকাৰ দিলে সংগঠনটোৰ বিষয়ববীয়া সকলে ৷

উল্লেখযোগ্য যে, নগাঁও জিলাৰ ৰূপহীহাটত ভাৰতীয় মৰাপাট নিগমৰ জুৰীয়াস্থিত আঞ্চলিক কাৰ্যালয়ত বাংলা ভাষা নোকোৱাৰ বাবেই দুগৰাকী মহিলা কৰ্মচাৰীক কামৰ পৰা আঁতৰোৱাৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্থাপিত হৈছে দুই বঙালী বিষয়াৰ ওপৰত ৷ এই অভিযোগ আনিছে খোদ দুই ভুক্তভোগী মহিলাই ৷ কলকাতা আৰু কোচবিহাৰৰ পৰা অহা সঞ্জয় কুমাৰ বৰ্মন আৰু শিৱকুমাৰ জানা নামৰ দুই বাংলা ভাষী বিষয়াই মহিলা কৰ্মচাৰীক উপদেশ দিছিল বঙালী চিনেমা চাই বাংলা ভাষা শিকিবলৈ ৷

কৰ্মস্থানত মহিলাক বাংলা ক’বলৈ বাধ্য কৰোৱাৰ ঘটনাকলৈ দল সংগঠনৰ ক্ষোভ

তাৰোপৰি মহিলা দুগৰাকীক কৰ্মক্ষেত্ৰত বিভিন্ন ধৰণে হাৰাশাস্তি কৰা বুলি উল্লেখ কৰে তেওঁলোকে ৷

দুই বাংলা ভাষী বিষয়াৰ বিৰুদ্ধে উত্থাপিত হৈছে বাংলা ভাষা ক'বলৈ হেঁচা প্ৰয়োগেৰে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ । বাংলা নোকোৱাৰ বাবেই কোনো জাননী প্ৰেৰণ নকৰাকৈ দুই খিলঞ্জীয়া মহিলাক কামৰ পৰা আঁতৰ কৰাৰো পৰিকল্পনা ৰচা বুলি দুয়োৰে বিৰুদ্ধে সৰৱ হৈছে মহিলা দুগৰাকী । অতি কৌশলেৰে সেই দুটা পদৰ বাবে কোনো জাননী নোহোৱাকৈ শুকুৰবাৰে সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰো প্ৰস্তুতি চলোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : কংগ্ৰেছ নেতাৰ সন্মুখতে ৰাহুল গান্ধীক সমালোচনা ৰণজিৎ কুমাৰ দাসৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.