ETV Bharat / state

ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে চেঙাৰ ৰৌমাৰীত

author img

By

Published : Sep 27, 2021, 4:52 PM IST

Erosion issue at Roumari
ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে চেঙাৰ ৰৌমাৰীত

নিশ্চিহ্ন হোৱাৰ পথত বৰপেটাৰ চেঙাৰ ৰৌমাৰী গাঁও । ব্ৰহ্মপুত্ৰৰ খহনীয়াত উছন হৈছে নৈপৰীয়া ৰাইজৰ ঘৰ-কৃষিভূমি । আপোন ঘৰ এৰি আন ঠাইলৈ ঢাপলি মেলিছে গাঁওখনৰ বহু পৰিয়াল ।

বৰপেটা, ২৭ ছেপ্টেম্বৰ : বছৰ বছৰ ধৰি খহনীয়াৰ সমস্যাত ভুগি আহিছে বৰপেটাৰ চেঙাৰ ৰৌমাৰী গাঁৱৰ ৰাইজে । চৰকাৰক খহনীয়া ৰোধৰ স্থায়ী ব্যৱস্থা কৰিবলৈ আহ্বান জনোৱাৰ পিছতো আজি পৰ্যন্ত নৈপৰীয়া ৰাইজে কোনো সুফল পোৱা নাই । এইবাৰো ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকি আনিছে গাঁওখনলৈ । বিগত পাঁচ দিন ধৰি খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৰৌমাৰী গাঁৱত । চলিত বৰ্ষত প্ৰায় ২০০টা পৰিয়ালৰ ভেটি-মাটি জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত ।

ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে চেঙাৰ ৰৌমাৰীত

সুৰক্ষাৰ খাতিৰত একাংশ লোকে মৰমৰ ঘৰখন এৰি আন ঠাইলৈ স্থানান্তৰিত হৈছে । গাঁওখনত থকা জিৰণি চ'ৰা, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নিৰ্মীয়মান আবাসগৃহ, অংগনবাড়ী কেন্দ্ৰও জাহ গৈছে লুইতৰ বুকুত । ঘৰ-মাটি হেৰুৱাই বহু পৰিয়ালে এতিয়া আশ্ৰয় বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে । স্থানীয় ৰাইজে জনোৱা মতে, বিগত পাঁচ বছৰত গাঁওখনৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি খহনীয়াত জাহ যোৱাৰ লগতে পাঁচ শতাধিক পৰিয়ালে হেৰুৱাইছে ঘৰ-মাটি ।

তৎস্বত্বেও জলসম্পদ বিভাগ তথা চৰকাৰে খহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰা নাই বুলি ক্ষোভ উজাৰে ভুক্তভোগী ৰাইজে ।

তদুপৰি নিৰ্বাচনৰ সময়ত অঞ্চলটোলৈ ভোট বিচাৰি আহি জনপ্ৰতিনিধি হোৱা বিধায়কসকলৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে নৈপৰীয়া ৰাইজে । ৰৌমাৰী গাঁৱৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন নকৰাৰ বাবে জিলা উপায়ুক্তৰ ওপৰতো অসন্তুষ্টি প্ৰকাশ কৰে ৰাইজে । সেয়ে, এতিয়া খহনীয়াৰ স্থায়ী সমাধানৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ভুক্তভোগী লোকসকলে । ৰাইজে ক্ষোভিত হৈ কৈছে যে, "চৰকাৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰক, নহ’লে আমাক মাৰি পেলাওক" ।

লগতে পঢ়ক:কলগাছিয়াত ভাৰত বন্ধৰ প্ৰভাৱ : আটক প্ৰতিবাদকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.