ETV Bharat / state

পুনৰ ৰুদ্ৰমূৰ্ত্তি ধাৰণ কৰিছে বেকী নদীয়ে

author img

By

Published : Jul 8, 2020, 6:41 PM IST

জনীয়াৰ খাৰবাল্লীত বেকী নৈৰ ভয়ংকৰ খহনীয়া । এই খহনীয়াই চপৰা চপৰে খহাই নিছে বিঘাই বিঘাই কৃষি ভূমি ৷

Erosion at beki river
পুনৰ ৰুদ্ৰমূৰ্ত্তি ধাৰণ কৰিছে বেকী নদীয়ে

জনীয়া,8 জুলাইঃ লক্ ডাউন আৰু বানপানীয়ে জুৰুলা কৰাৰ পিছত এইবাৰ কৃষকৰ ওপৰত তাণ্ডৱ চলাইছে বেকী নৈয়ে ৷ বানৰ প্ৰকোপ হ্ৰাস পোৱাৰ পিছত যোৱা কিছুদিন ধৰি কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত বেকী নৈৰ গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি শ শ বিঘা মৰাপাট আৰু শালিধানৰ খেতি এইদৰে উছন কৰিছে । ফলত চিন্তাত দিশহাৰা হৈ মূৰে কপালে হাত দিছে নৈপৰীয়া কৃষকে ।

পুনৰ ৰুদ্ৰমূৰ্ত্তি ধাৰণ কৰিছে বেকী নদীয়ে

কষ্টেৰে কৰা খেতি এইদৰে নদীৰ বুকত জাহ যোৱাৰ ফলত নাজল-নাথল অৱস্থা হৈছে কৃষক সকলৰ ৷ ইফালে ইমান দুৰ্যোগৰ সময়ত স্থানীয় জনপ্ৰতিনিধি আৰু বৰপেটা জিলাৰ প্ৰশাসনে কোনো খবৰ নোলোৱাৰ অভিযোগ তুলিছে ৰাইজে । লগতে অচিৰেই গৰাখহনীয়া প্ৰতিৰোধ কৰি ক্ষতিপূৰণ দিয়াৰ বাবে দাবী জনাইছে কৃষক ৰাইজে ।

লগতে পঢ়কঃঅখিল গগৈৰ মুক্তি তথা উন্নত চিকিৎসাৰ দাবীত টীয়কত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.