ETV Bharat / state

Encroachment in Barpeta : বৰপেটাৰ সনকুছি কো-অপাৰেটিভ ছ'চাইটিৰ ভূমিত বেদখল

author img

By

Published : May 27, 2022, 7:20 PM IST

Barpeta
সনকুছি পল্ট্ৰি কো অপাৰেটিভ ছচাইটিৰ ভূমিত চলিছে বেদখল

১৯৮১ চনতে একাংশ খিলঞ্জীয়া মুছলমানৰ নেতৃত্বত স্থাপন হৈছিল সনকুছি প'ল্ট্ৰি কো-অপাৰেটিভ ছ'চাইটি । বৰ্তমান ছ'চাইটিৰ ভূমিত চলিছে বেদখল (Encroachment on Sankushi Co operative Society in Barpeta)। বেদখলকাৰীয়ে ছ'চাইটিখনৰ সদস্যসকলক হাৰাশাস্তি কৰাৰো অভিযোগ উঠিছে ।

বৰপেটা, ২৭ মে' : বৰপেটা চহৰৰ সমীপৰ সনকুছি প'ল্ট্ৰি কো-অপাৰেটিভ ছ'চাইটিৰ ভূমিত চলিছে বেদখল (Encroachment on Sankushi Co operative Society in Barpeta)। ১৯৮১ চনতে স্থাপন হোৱা এই কো-অপাৰেটিভ ছ'চাইটিৰ নামত আৱন্টিত ভূমিত বেদখল চলাৰ অভিযোগ উত্থাপন কৰিছে ছ'চাইটিৰ সদস্যসকলে ৷ কেৱল এয়াই নহয় ছ'চাইটিৰ ভূমিত মাদ্ৰাছা নিৰ্মাণো কৰিছে । যাৰ বাবে বৰপেটা সদৰ থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে ছ'চাইটিয়ে ৷ জানিব পৰা মতে বৰপেটা আৰক্ষীয়ে সমগ্ৰ ঘটনাক লৈ তদন্তও আৰম্ভ কৰিছে ৷

সনকুছি পল্ট্ৰি কো অপাৰেটিভ ছচাইটিৰ ভূমিত চলিছে বেদখল

উল্লেখ্য যে একাংশ খিলঞ্জীয়া মুছলমান লোকে স্থাপন কৰিছিল এই ছ'চাইটি (Sankushi Co operative Society in Barpeta)। কিন্তু ছ'চাইটিখনৰ ২৮ বিঘা ভূমিত বিগত প্ৰায় ৫ বছৰ ধৰি একাংশ সন্দেহজনক লোকে ঘৰ-দুৱাৰ সাজি বেদখল কৰাৰ লগতে ছ'চাইটিখনৰ পুখুৰী আদিও দখল কৰি লৈছে ৷ অভিযোগ অনুসৰি ছ'চাইটিৰ সদস্যসকলে মাছ ধৰিবলৈ বা অইন কামত গ'লেই বেদখলকাৰীসকলে অস্ত্ৰ-শস্ত্ৰ লৈ তেওঁলোকক আক্ৰমণ কৰে ।

Barpeta
সনকুছি পল্ট্ৰি কো অপাৰেটিভ ছচাইটিৰ ভূমিত চলিছে বেদখল

কেৱল এয়াই নহয় বেদখলকাৰী পৰিয়ালৰ একাংশ যুৱতী-মহিলাই ধৰ্ষণৰ মিছা অভিযোগেৰে ছ'চাইটিখনৰ সদস্যসকলক হাৰাশাস্তি কৰাৰো অভিযোগ কৰিছে সদস্যসকলে (Encroachers harass cooperative people)৷ শেহতীয়াভাৱে ছ'চাইটিৰ ভূমিত মাদ্ৰাছা নিৰ্মাণক লৈও ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সেয়ে বৰপেটাৰ খিলঞ্জীয়া মুছলমানলোকৰ ছ'চাইটিখনৰ ভূমিত চলা বেদখল অতি শীঘ্ৰে উচ্ছেদৰ বাবে সমিতিৰ সদস্যসকলে ৰাজ্য চৰকাৰক দাবী জনাইছে ৷

লগতে পঢ়ক:Fake Gold Business : নকল সোণসহ বৰঘূলীৰ পৰা আটক চাৰি প্ৰৱঞ্চক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.