ETV Bharat / state

কংগ্ৰেছ অবিহনে এআইইউডিএফৰ কাম নাই: সুশান্ত বৰগোঁহাই

author img

By

Published : Apr 3, 2021, 1:12 PM IST

সৰুক্ষেত্ৰীৰ ৰাইজে বিধায়ক জাকিৰ হুছেইন শিকদাৰক নেতা নহয়, বেটা বুলি ভাবে ৷ সৰুক্ষেত্ৰীত বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা জাকিৰ হুছেইন আৰু সুশান্ত বৰগোঁহাইৰ ৷ আজমলৰ পুত্ৰ আৰু ভাতৃকো সমালোচনা জাকিৰ হুছেইনৰ ৷ কংগ্ৰেছ নহ’লে অসমত এআইইউডিএফৰ কোনো কাম নাই বুলি কটাক্ষ সুশান্ত বৰগোঁহাইৰ ৷

‘‘সৰুক্ষেত্ৰীৰ ৰাইজে বিধায়ক জাকিৰ হুছেইন শিকদাৰক নেতা নহয়, বেটা বুলি ভাবে’’
‘‘সৰুক্ষেত্ৰীৰ ৰাইজে বিধায়ক জাকিৰ হুছেইন শিকদাৰক নেতা নহয়, বেটা বুলি ভাবে’’

বৰপেটা,3 এপ্ৰিল: ৰাজ্যত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ সৰুক্ষেত্ৰীৰ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে নিজ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ শুকুৰবাৰে এক নিৰ্বাচনী প্ৰচাৰ অংশ লৈ কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা কৰে ৷

‘‘সৰুক্ষেত্ৰীৰ ৰাইজে বিধায়ক জাকিৰ হুছেইন শিকদাৰক নেতা নহয়, বেটা বুলি ভাবে’’

আজমলে নিজকে সংখ্যালঘু জন সাধাৰণৰ ত্ৰাণকৰ্তা বুলি জহাই ফুৰে ৷ আজমলে জাকিৰ হুছেইন শিকদাৰ ব্যৰ্থ বিধায়ক বুলি কৰা সমালোচনাৰ প্ৰত্যুত্তৰত আজমলৰ পুত্ৰ বিধায়ক ৰহিম আজমলে কিমান সফল অথবা তেওঁৰ ভাতৃ প্ৰাক্তন সাংসদ চিৰাজউদ্দিন আজমলে সৰুক্ষেত্ৰী বা বৰপেটাৰ বাবে কি কৰিলে তাক লৈ প্ৰশ্ন তোলে বিধায়ক শিকদাৰে ৷

ইপিনে সৰুক্ষেত্ৰীৰ এই জনসভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতা সুশান্ত বৰগোঁহাইয়ে তীব্ৰ সমালোচনা কৰে এআইইউডিএফক ৷ অসমত কংগ্ৰেছে ৯৫ খন আসনত প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু এআইইউডিএফে মাথো ১৪ খন আসনতহে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ কংগ্ৰেছ নহ’লে অসমত এআইইউডিএফৰ কোনো কাম নাই বুলিও কটাক্ষ সুশান্ত বৰগোঁহাইয়ে ৷

‘‘সৰুক্ষেত্ৰীৰ ৰাইজে বিধায়ক জাকিৰ হুছেইন শিকদাৰক নেতা নহয়, বেটা বুলি ভাবে’’
‘‘সৰুক্ষেত্ৰীৰ ৰাইজে বিধায়ক জাকিৰ হুছেইন শিকদাৰক নেতা নহয়, বেটা বুলি ভাবে’’

সুশান্ত বৰগোঁহাইয়ে চৰকাৰত কি পায়, কি নেপায়- সেয়া কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰিছে বুলিও কটাক্ষ কৰে আজমলক ৷ আনকি কংগ্ৰেছক হৰুৱাই বিজেপিক জয়ী কৰাবলৈকে আজমলে নিৰ্বাচন খেলা বুলিও অভিযোগ তোলে মিত্ৰদল এআইইউডিএফ-ৰ সভাপতি আজমলৰ বিৰুদ্ধে ৷ কংগ্ৰেছ নেতাজনে এআইইউডিএফ-ৰ প্ৰাৰ্থী মিনাক্ষী ৰহমান আৰু মিত্ৰজোঁট অগপৰ প্ৰাৰ্থী কল্পনা পাটোৱাৰীকো তীব্ৰ সমালোচনা কৰে ৷

লগতে পঢ়ক: 'অজাপ'ৰ উত্থানঃ তৃতীয় পৰ্যায়ত কংগ্ৰেছ-বিজেপিৰ মুৰৰ কামোৰণি 15 সমষ্টি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.