ETV Bharat / state

সমবায় আন্দোলনত গতিশীলতা আনিছে মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিয়ে

author img

By

Published : Jul 13, 2021, 1:32 PM IST

আকৌ গতিশীলতা লাভ কৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই আৰম্ভ কৰা সমবায় আন্দোলনে ৷ দৈনিক 200 লিটাৰ খাটি সৰিয়হ তেল উৎপাদনেৰে সমবায় আন্দোলনত গতিশীলতা আনিছে মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিয়ে ৷

economic development steps of sorukhetri Co-operative Society
সমবায় আন্দোলনত গতিশীলতা আনিছে মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিয়ে

বৰপেটা, 13 জুলাই : ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহই আৰম্ভ কৰা সমবায় আন্দোলনক অধিক গতিশীল কৰি তোলাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বৰপেটাত ৷ বৰপেটাৰ সৰ্থেবাৰীৰ সমীপৰ বণিয়াকুছিত অৱস্থিত মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিয়ে সমবায় আন্দোলনক অধিক গতিশীল কৰাৰ লক্ষ্যৰে আৰম্ভ কৰিছে ধান বনা কল আৰু সৰিয়হ তেল উৎপাদনৰ উদ্যোগ ৷ মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লকেল ফৰ ভকেল শ্ল'গানেৰে দুবছৰ পূৰ্বে আৰম্ভ কৰা সৰিয়হ উদ্যোগটোৱে বৰ্তমান বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷

সমবায়খনে সম্পূৰ্ণ নিজা প্ৰচেষ্টাত প্ৰায় ২০ লাখ টকা ব্যয়েৰে স্থাপন কৰা উদ্যোগটোৰ পৰা উৎপাদিত খাটি সৰিয়হৰ তেল বজাৰৰ তেলতকৈ কম মূল্যত গ্ৰাহকক যোগান ধৰি আহিছে ৷ উদ্যোগটোৰ পৰা প্ৰতিদিনে উৎপাদন হয় প্ৰায় 200 লিটাৰ খাটি সৰিয়হৰ তেল ৷ সমবায় সমিতিখনৰ সম্পাদক গৰাকীয়ে জনোৱা মতে, 200 লিটাৰ সৰিয়হৰ তেল উৎপাদন হৈছে ৷ কিন্তু চাহিদা অনুসৰি এতিয়াও সৰ্থেবাৰী অঞ্চলৰ বাবে প্ৰয়োজনীয় মিঠাতেল উৎপাদন কৰিবলৈ সক্ষম হোৱা নাই ৷

সমবায় আন্দোলনত গতিশীলতা

উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসন আৰু ৰাজ্যৰ উদ্যোগ বিভাগৰ সৈতে যোগাযোগ স্থাপন কৰা কথা জানিবলৈ দিছে সমবায়খনৰ সম্পাদক গৰাকীয়ে ৷

জিলা উপায়ুক্তৰ হস্তক্ষেপত উদ্যোগ বিভাগৰ জৰিয়তে সমবায় সমিতিখনলৈ ২৫ লাখ টকাৰ ঋণ আগবঢ়োৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে জিলা প্ৰশাসনে ৷ খাটি সৰিয়হ তেল উদ্যোগ স্থাপনৰ সমান্তৰালভাৱে কৃষিক্ষেত্ৰ আৰু কৃষকৰ উন্নয়নতো গুৰুত্ব আৰোপ কৰিছে সমবায় সমিতিখনে ৷ ইয়াৰ বাবে কৃষি বিভাগৰ সহযোগত বৰপেটাৰ বিভিন্ন স্থানত কৃষকসকলক বিনামূলীয়া সাৰ-বীজ আদি প্ৰদানৰ ব্যৱস্থা কৰিছে সমবায়খনে ৷ কৃষি আৰু কৃষকৰ উন্নয়নৰ লগতে সমবায় ভিত্তিত উদ্যোগ স্থাপনৰ জৰিয়তে বৰপেটা জিলাৰ বণিয়াকুছিৰ মধ্য সৰুক্ষেত্ৰী সমবায় সমিতিয়ে স্বাৱলম্বিতাৰ যি নিৰ্দশন দাঙি ধৰিছে, তাক লৈ এতিয়া প্ৰশংসা কৰিছে সচেতন লোকে ৷

লগতে পঢ়ক : সংৰক্ষণত অৱহেলা: দলনি হ'ল ঐতিহাসিক আঘোণীবাই পুখুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.