ETV Bharat / state

Durga puja 2023: পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ আৰাধনাস্থলী !

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 7:35 PM IST

মটৰ চাইকেল, স্কুটী, বাই-চাইকেলৰ পেলনীয়া টায়াৰ আৰু টিউবেৰে পূজা মণ্ডপ নিৰ্মাণ ৷

durga puja in barpetaroad
পূজা মণ্ডপ

এটা আকৰ্ষণীয় পূজা মণ্ডপৰ কথা

বৰপেটা, ২১ অক্টোবৰ : এই বছৰ মা দুৰ্গা ঘোঁৰাত উঠি আহিছে ধৰালৈ ৷ প্ৰবাদ অনুসৰি মা দুৰ্গা হেনো ঘোঁৰাত আহিলে অস্থিৰ পৰিৱেশৰ সৃষ্টি হয় ৷ পিছে মন কৰিবলগীয়া যে, এই বছৰ মা দুৰ্গাক আদৰিবলৈ ভিন্ন থীম আগত ৰাখি পূজা সমিতিসমূহে নিৰ্মাণ কৰিছে পূজা মণ্ডপ ৷ ক’ৰবাত যদি কেদাৰনাথৰ আৰ্হিত ক’ৰবাত আকৌ ৰাম মন্দিৰ ৷ কেইবাঠাইতো আকৌ চন্দ্ৰযান-3 ৰ আৰ্হিত নিৰ্মাণ হৈছে পূজা মণ্ডপ৷ থীমৰ আৰ্হিত নিৰ্মিত পূজা মণ্ডপৰ লগতে এইবাৰ এটা অতি প্ৰশংসনীয় আৰু সাহসী পদক্ষেপ ল’লে গুৱাহাটীস্থিত এটি পূজা সমিতিয়ে ৷ স্থায়ী ৰূপত প্ৰতিষ্ঠা কৰিলে মা দুৰ্গাৰ প্ৰতিমূৰ্তি ৷ পৰিৱেশ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ লৈছে তেওঁলোকে ৷ পূজাত ব্যৱহৃত মাটিৰ কলহহে বিসৰ্জন দিব তেওঁলোকে ৷ এতিয়া আহিছো এনে এটা পূজা মণ্ডপৰ কথালৈ যিটো নিৰ্মাণ কৰা হৈছে পেলনীয়া সামগ্ৰীৰে ৷

বহনক্ষমতাৰ দিশটোলৈ মন দি বৰপেটাৰোডৰ এটি পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে মটৰ চাইকেল, স্কুটী, বাই-চাইকেলৰ পেলনীয়া টায়াৰ আৰু টিউবেৰে ৷ বৰপেটাৰোড চহৰৰ কলহভাঙাত প্ৰভাতী সংঘই অনুষ্ঠিত কৰা শাৰদীয় দূৰ্গা পূজাই এইবেলি ৫০ বছৰ পূৰ্ণ কৰিছে ৷ সোণালী জয়ন্তী বৰ্ষ পালন কৰা বৰপেটাৰোড চহৰৰ প্ৰভাতী সংঘৰ দুৰ্গা পূজা মহোৎসৱৰ মণ্ডপভাগ এইবেলি চহৰখনৰ ভিতৰতে বিশেষ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে ৷ কলা-THE BLACK আৰু ‘জনজাতীয় সমাজ’ এই থীমৰ আধাৰত প্ৰভাতী সংঘই মটৰ চাইকেল, স্কুটী আৰু বাই-চাইকেল আদিৰ পেলনীয়া টায়াৰ আৰু টিউব ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে পূজাৰ মণ্ডপ ভাগ ৷

বিষ্ণুজ্যোতি সৰোবৰ পুখুৰীৰ ওপৰত নিৰ্মিত প্ৰায় ৪০ লাখ টকাৰ বাজেটেৰে উদযাপন কৰা বৰপেটাৰোডৰ প্ৰভাতী সংঘৰ মণ্ডপ নিৰ্মাণৰ সৈতে জড়িত হৈ আছে কলকতা আৰু আলিপুৰদুৱাৰৰ শিল্পী কলা-কুশলীৰ দল ৷ প্ৰায় ৫ মাহ জোৰা পৰিশ্ৰমৰ অন্তত প্ৰায় ৩০ জনীয়া শিল্পী কলা-কুশলীৰ দল এটাই মণ্ডপটিৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে ৷ কলা ৰঙৰ সমাহাৰ ঘটা তথা আদিবাসী জনজাতীয় সমাজ সংস্কৃতি উপস্থাপনেৰে পেলনীয়া টায়াৰ টিউবেৰে কলাত্মকভাৱে নিৰ্মাণ কৰা বৰপেটাৰোডৰ প্ৰভাতী সংঘৰ পূজা মণ্ডপে নিশ্চিতভাৱে ৰাইজক আকৰ্ষিত কৰি তুলিছে ৷

লগতে পঢ়ক : Durga puja 2023: প্ৰতিমা বিসৰ্জন নিদিয়ে জাপৰিগোগ সাৰ্বজনীন পূজা সমিতিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.