ETV Bharat / state

Drug peddlers arrested: উৰুকাৰ নিশা বৰপেটাৰোডত আটক ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Jan 14, 2022, 10:15 AM IST

বৃহস্পতিবাৰে বৰপেটাৰোড আৰক্ষীয়ে উত্তৰ আঠিয়াবাৰীৰ আজাদ নগৰৰ পৰা ড্ৰাগছসহ (Drug seized in Barpeta Road) 6 জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Drug peddler caught by Barpeta Road Police ) ৷ এক গোপন সূত্ৰৰ ভিত্তিত বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাৰ নেতৃত্ব চলিছিল অভিযান ৷

drugs-peddler-caught-by-barpeta-road-police
উৰুকাৰ নিশা বৰপেটাৰোডত আটক 6 জন ড্ৰাগছ সৰবৰাহকাৰী

বৰপেটাৰোড, 14 জানুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে । শেহতীয়াকৈ বৰপেটাৰোড আৰক্ষীয়েও জিলাখনত অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰুদ্ধে অভিযান (Anti Drugs Mission) ৷ ৰাজ্যত মাঘ বিহুৰ উৰুকাৰ আনন্দৰ মাজতেই বৰপেটাৰোড আৰক্ষীয়ে লাভ কৰিলে ড্ৰাগছৰ বিৰুধী অভিযানৰ আন এক সফলতা ৷

বৃহস্পতিবাৰে বৰপেটাৰোডৰ উত্তৰ আঠিয়াবাৰীৰ আজাদ নগৰত বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ( Drug seized in Barpeta Road) 6 জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় (Drug peddler caught by Barpeta Road Police ) ৷ এক গোপন সূত্ৰৰ পম খেদি বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপুল কলিতাৰ নেতৃত্ব আৰক্ষীৰ এটা দলে উত্তৰ আঠিয়াবাৰীৰ আজাদ নগৰৰ পৰা 7 টাকৈ কণ্টেইনাৰ ভৰ্তি 22 গ্ৰাম ড্ৰাগছৰ লগতে পলিথিনৰ এটা পেকেট ভৰ্তি ড্ৰাগছ (Drug seized by Barpeta Road Police) আৰু কিছু খালী কন্টেইনাৰৰ লগতে 6 টা মোবাইল জব্দ কৰিবলৈ সক্ষম হয় ৷

উৰুকাৰ নিশা বৰপেটাৰোডত আটক 6 জন ড্ৰাগছ সৰবৰাহকাৰী

আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে, আব্দুল আলিম, ৰাজদুল মণি দেওৱান, বাহাৰুল ইছলাম, আফজাল খান, ছাদ্দাম হুছেইন আৰু সমৰ আলী বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক বৰপেটাৰোড আৰক্ষী থানাত ৰাখি জেৰা অব্যাহত ৰাখিছে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ ঘৰ বৰপেটাৰোডতেই বুলি জানিব দিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক : আজি ভোগৰ উৎসৱ ভোগালী বিহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.