ETV Bharat / state

মাজদিয়া আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Mar 8, 2021, 2:26 PM IST

মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত চলা নিয়মীয়া তালাচীত দেওবাৰে নিশা গৰিয়া চতলাত জব্দ হয় সন্দেহযুক্ত ব্ৰাউন চুগাৰ ৷ মাজদিয়া আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী দুজন লোকক ৷

মাজদিয়া আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
মাজদিয়া আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

বৰপেটা,৮ মাৰ্চ: দেওবাৰে নিশা গৰিয়া চতলাত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত চলা নিয়মীয়া তালাচীত জব্দ হয় সন্দেহযুক্ত ব্ৰাউন চুগাৰ ৷ 4 টা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে মাজদিয়া আৰক্ষীয়ে ।

মাজদিয়া আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
মাজদিয়া আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

ধৃত যুৱক দুজন বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত চতলা গাঁৱৰ ফকৰুল ইছলাম আৰু নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰৰ আশ্ৰাফুল হক জিন্না । সম্প্ৰতি মাজদিয়া আৰক্ষীয়ে ধৃত যুৱক দুজনক বৰপেটা আদালতলৈ প্ৰেৰণ কৰিছে।

লগতে পঢ়ক: আৰক্ষীৰ অভিযানত উদ্ধাৰ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.